নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : “ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ উন্নতি কেৱল পাঠ্যপুথিৰ শিক্ষাতে সমাপ্ত নহয় । পাঠ্যপুথিৰ শিক্ষাৰ লগতে বহুমুখী প্ৰতিভা বিকাশ হ’লেহে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ উন্নতি হোৱা বুলি ক’ব পাৰি।”- এই মন্তব্য ঢকুৱাখনা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ অমল চন্দ্ৰ দত্তৰ। ঢকুৱাখনা মহকুমাৰ গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ ৫৯সংখ্যক বিদ্যালয় সপ্তাহৰ মুকলি অধিৱেশনত মুখ্য অতিথি হিচাপে অংশ লৈ অধ্যাপক ডঃ দত্তই সাৱলীল বক্তব্যত এনেদৰে কয়। অধ্যাপকাগৰাকীয়ে কয় যে অভিভাৱকসকলে সন্তানৰ ভাল কামত উৎসাহ যোগাব লাগে। শিশু ছাত্র-ছাত্ৰীসকলৰ নিজৰ ইচ্ছাৰ বিৰুদ্ধে জোৰ-জুলুমকৈ ‘বোজা’ জাপি দিয়াটো এক অপৰাধ। ইয়ে শিক্ষাৰ্থীসকলৰ বাৰুকৈয়ে ক্ষতি কৰাৰ আশংকা থাকে। দুপৰীয়া ১১ বজাৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক জগত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি ভবেন্দ্ৰ নাথ ভৰালীয়ে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমৱেত সংগীতেৰে শুভাৰম্ভ কৰা মুকলি সভাত হাৰ্হি মহাবিদ্যালয়ৰ অধ্যাপক জিতু কুমাৰ চমুৱাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিক্ষাক পদ্ধতিগতভাৱে আগুৱাই নিব পাৰিলে শিক্ষাৰ্থীসকল নিশ্চিতভাৱে সফল হ’বলৈ সক্ষম হ’ব পাৰিব বুলি কয় ।অধ্যাপক চমুৱাই এইক্ষেত্ৰত গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীসকল প্ৰায় সফল হৈছে বুলিও মন্তব্য কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গীত-নৃত্যৰে জীপাল হৈ পৰা মুকলি সভাত জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়াৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপম কোচ, চি আৰ চি চি হেমন্ত কুমাৰ বৰুৱা প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। অনুষ্ঠানত বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে ছাত্ৰ একতা সভাৰ সভানেত্ৰী তথা প্ৰধান শিক্ষয়িত্ৰী ভোগেশ্বৰী গগৈয়ে। মুকলি সভাতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মননশীল লেখাৰে সমৃদ্ধ প্ৰাচীৰ পত্ৰিকা “প্ৰয়াস” উন্মোচন কৰে ঢকুৱাখনা কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিদ্যুৎ চমুৱাই। বিদ্যালয় সপ্তাহত উন্নত ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক মুকলি সভাতে পুৰস্কৃত কৰা হয়। ১৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা বিদ্যালয় সপ্তাহৰ বিগত চাৰিওটা দিনতে পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত সংগীত, সাহিত্য আদি প্ৰতিযোগিতাৰ লগতে অভিভাৱক-অভিভাৱিকাসকলৰ মাজত বিয়ানাম-দিহানাম, পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। ১৯৫০ চনৰ পৰাই জ্ঞানৰ আলোকেৰে বৃহত্তৰ অঞ্চলটো আলোকিত কৰি অহা অঞ্চলটোৰ শিক্ষাসদী ৰাইজৰ সহযোগিতাৰে লালিত-পালিত এই বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ ৫০সংখ্যক বিদ্যালয় সপ্তাহৰ শুকুৰবাৰে সফল সামৰণি পৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like