নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত ছিণ্ডিকেটৰাজ চলি থকাৰ অভিযোগ তুলি কালি বাণিজ্য কেন্দ্ৰটোৰ সমীপৰ ৰাজপথত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে ধুবুৰী জিলা ছাত্ৰ সন্থাই। উল্লেখ্য যে ছাত্ৰ সন্থাই কেৱল নহয়, সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত ছিণ্ডিকেটৰাজ আৰম্ভ হোৱাৰ অভিযোগ তুলি বিগত ৭ ডিচেম্বৰৰ দিনা কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ ধুবুৰী জিলা কমিটীয়ে জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰিছিল। উল্লেখনীয় যে আছুৰ দৰে অনুৰূপ অভিযোগ উত্থাপিত কৰিছিল গোলকগঞ্জৰ স্থানীয় বিধায়ক আব্দুল সোৱাহান সৰকাৰেও। বিগত ২০ নৱেম্বৰৰ দিনা সোণাহাটত উপস্থিত হৈ বিধায়কগৰাকীয়ে বাণিজ্য কেন্দ্ৰটোত ছিণ্ডিকেটৰাজ চলি থকা বুলি সৰৱ হৈ পৰা দেখা গৈছিল। আনকি বাণিজ্য কেন্দ্ৰটোৰে বাংলাদেশলৈ যোৱা শিলভৰ্তি প্ৰতিখন ট্ৰাকৰ পৰা ৱে ব্ৰীজৰ চালান দিয়াৰ গইনা লৈ এটা চক্ৰই ট্ৰাকেপতি ১০,৫০০ টকা সংগ্ৰহ কৰাৰো বিষ্ফোৰক অভিযোগ কৰিছিল তেওঁ। বিধায়কগৰাকীয়ে বিষয়টো অসম বিধানসভাত উত্থাপিত কৰিব বুলি হুংকাৰ দিয়াৰ লগতে শীঘ্ৰে বাণিজ্য কেন্দ্ৰটোত ছিণ্ডিকেটৰাজ বন্ধ নহ’লে গণ আন্দোলন কৰিব বুলিও সকীয়াই দিছিল। অৱশ্যে পৰৱৰ্তী সময়ত গোলকগঞ্জৰ স্থানীয় বিধায়কগৰাকীয়ে বিষয়টোক লৈ মৌনতা অৱলম্বন কৰাহে দেখা যায়। কিন্তু সময়ে সময়ে সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত ছিণ্ডিকেটৰাজ চলি থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ নিৰূপণৰ বাবে এক উচ্চস্তৰীয় তদন্তৰ প্ৰয়োজনীয়তা থকা বুলিয়েই মত প্ৰকাশ কৰিছে বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী