নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : ডুমডুমা এফ আৰ ইউলৈ প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী মহিলাক আজি এখন ১০৮ এম্বুলেঞ্চেৰে লৈ অনাৰ পথত বাটতে মহিলাগৰাকীয়ে এম্বুলেঞ্চৰ ভিতৰতেই চাৰিটা কন্যা সন্তান প্ৰসৱ কৰে। বৰ্তমানে সন্তানকেইটা আৰু মাতৃগৰাকী সুস্থ অৱস্থাত আছে বুলি জনা গৈছে । জানিব পৰা মতে, ধলাৰ ন-কটা গাঁৱৰ মহিলাগৰাকীৰ আজি পুৱা প্ৰসৱজনিত বেদনা আৰম্ভ হোৱাত তেওঁক এখন ১০৮ এম্বুলেঞ্চেৰে ডুমডুমাৰ এফ আৰ ইউলৈ লৈ অনাৰ পথতে মহিলাগৰাকী তীব্ৰ প্ৰসৱ বেদনাত ছটফটাবলৈ ধৰে। তেতিয়া এফ আৰ ইউলৈ কিছুবাট থকাত এম্বুলেঞ্চত থকা সহায়কাৰী চিকিৎসা কৰ্মী দুজনৰ সহায়ত মহিলাগৰাকীয়ে এম্বুলেঞ্চখনৰ ভিতৰতেই সাধাৰণভাৱেই চাৰিটা কন্যা সন্তান প্ৰসৱ কৰে । ইয়াৰ পিছতেই মাতৃগৰাকী আৰু নৱজাত সন্তানকেইটাক ডুমডুমা এফ আৰ ইউলৈ অনা হয় আৰু তাত চিকিৎসকে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰে । বৰ্তমান মাতৃ আৰু সন্তানকেইটা সম্পূৰ্ণ সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে । এফ আৰ ইউৰ চিকিৎসকে এই সম্পৰ্কত জানিবলৈ দিয়া মতে, মাতৃগৰাকীক আৰম্ভণিৰ পৰাই নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাই থকা হৈছিল আৰু সকলোবোৰ ঠিকেই আছিল ।
প্ৰেৰক মনোজ বৰুৱা