জম্মু–কাশ্মীৰৰ সন্ত্রাসবাদী আক্রমণত নিহতৰ সংখ্যা ৫লৈ বৃদ্ধি
🔹 পুঞ্চৰ সন্ত্রাসবাদী আক্রমণত আমেৰিকাত নির্মিত এম ৪ কার্বাইন ব্যৱহাৰ
বিশেষ বাৰ্তা, ২২ ডিচেম্বৰ : জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাত সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণত প্রাণহানি হোৱা জোৱানৰ সংখ্যা ৫লৈ বৃদ্ধি পাইছে৷ কালি কেন্দ্রীয়শাসিত অঞ্চলটোৰ পুঞ্চ জিলাৰ ছাৱনি অঞ্চলত সেনাৰ বাহনৰ ওপৰত পূর্বৰে পৰা খাপ পিটি থকা সন্ত্রাসবাদী গোটে নির্বিচাৰ গুলীচালনাৰে আক্রমণ কৰে৷ এই আক্রমণত সন্ত্রাসবাদী গোটে আমেৰিকাত নির্মিত এম–৪ কার্বাইন এছাল্ট ৰাইফল ব্যৱহাৰ কৰা বুলি ঘটনাস্থলীৰ আলোকচিত্র সামাজিক মাধ্যমযোগে প্রচাৰ কৰিছে আক্রমণকাৰী সন্ত্রাসবাদী সংগঠনে৷ নিষিদ্ধ সংগঠন জইছ–ই–মহম্মদৰ নতুন গোট পিএএফএফ (পিপুলছ এণ্টি–ফেচিষ্ট ফ্রণ্ট)–এ এই আক্রমণ সংঘটিত কৰা বুলি দায়িত্ব স্বীকাৰ কৰিছে৷ পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে গঠন কৰা জইছ–ই–মহম্মদক নতুন গোট হিচাপে গঠন কৰি জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ চলাই আহিছে৷ ভাৰতে সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰ কৰি জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ বাবে জইছ–ই–মহম্মদৰ নতুন গোট হিচাপে পিএএফএফ গঠন কৰে পাকিস্তানী চোৰাংচোৱা সংস্থাটোৱে৷ কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰত এই নতুন সন্ত্রাসবাদী গোটটোৰ দ্বাৰাই নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ চলাই থকা হৈছে৷ পুঞ্চ জিলাত সেনা বাহিনীৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণ পাকিস্তান আৰু চীনৰ ষড়যন্ত্র বুলি ভাৰতীয় চোৰাংচোৱা সংস্থাই দাবী কৰিছে৷ লাডাখৰ সীমান্তত থকা ভাৰতীয় সেনাৰ দৃষ্টি জম্মু–কাশ্মীৰৰ পুঞ্চলৈ অনাৰ লক্ষ্যৰেই সন্ত্রাসবাদীয়ে এই আক্রমণ চলাইছে বুলি তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই৷ উল্লেখ্য যে লাডাখত মোতায়েন হৈ থকা ভাৰতীয় সেনা জম্মু–কাশ্মীৰলৈ ওভতাই অনাৰ বাবেই চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ লক্ষ্যৰে সন্ত্রাসবাদীক উচটাই আছে পাকিস্তান আৰু চীনে৷ পাকিস্তানৰ সীমান্তত থকা পুঞ্চ আৰু ৰাজৌৰী অঞ্চলত নিৰাপত্তা বাহিনীৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণ বিগত কেইবাদিনো ধৰি বৃদ্ধি পাইছে৷ এই আক্রমণৰ আঁৰত পৰোক্ষভাৱে পাকিস্তান আৰু চীনৰ অভিসন্ধি লুকাই আছে বুলি ভাৰতীয় চোৰাংচোৱা সংস্থাই তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ পুঞ্চৰ বনাঞ্চলেৰে পাকিস্তানৰ পৰা ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰিবলৈ শতাধিক পাকিস্তানী সন্ত্রাসবাদী বাহৰ পাতি থকাৰ তথ্য বিএছএফে প্রকাশ কৰাৰ পাছতেই অঞ্চলটোত সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি পাইছে৷