বিশেষ বাৰ্তা, ২২ ডিচেম্বৰ : মৰিয়নিৰ বাংলা শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান মৰিয়নি ৰে’লৱে হাইস্কুলৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰ অতিক্ৰম কৰা উপলক্ষ্যে তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা মহাৰজত জয়ন্তী আজিৰে পৰা আৰম্ভ হৈছে । আজি পুৱা শিখা দৌৰেৰে কাৰ্য্যসূচী মুকলি কৰা হয় । ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা শিলিগুৰিৰ পৰা এই অনুষ্ঠানলৈ চাইকেল চলাই অহা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বলৰাম নাথে নেতৃত্ব দিয়া এই শিখা দৌৰত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে । মৰিয়নিৰ কলেজ তিনিআলিৰ বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আবক্ষ মূৰ্তিৰ সমীপৰ পৰা বিদ্যালয় চৌহদলৈ এই শিখা দৌৰ সম্পন্ন কৰা হয় । ইয়াৰ পিছত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ৰথীন্দ্ৰ কুমাৰ দেই । আনহাতে, মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে । স্মৃতি তৰ্পণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে আন এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অশোক কুমাৰ আচাৰ্য্যীয়ে । আনহাতে, মহাৰজত জয়ন্তী উপলক্ষে উলিওৱা আকৰ্ষণীয় আৰু বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই । অসমৰ সংস্কৃতিৰ লগতে বাংলা সংস্কৃতিকো তুলি ধৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মুহিত কৰে । এই সাংস্কৃতিক শোভাযাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষ সকলো ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ দেখা গ’ল । আকৰ্ষণীয় এই শোভাযাত্ৰা বিদ্যালয় চৌহদৰ পৰা আৰম্ভ কৰি মৰিয়নি নগৰ পৰিভ্ৰমণ কৰাৰ অন্তত পুনৰ বিদ্যালয় চৌহদত সমাপ্ত হয় । বিয়লি বিদ্যালয়খনত পুনৰ্নিৰ্মাণ কৰি উলিওৱা চাৰিটা শ্ৰেণীকোঠা মুকলি কৰা হয় । ইয়াৰ দুটা কোঠা বিদ্যালয়খনৰ ১৯৯৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলে নিজাববীয়া বৰঙণিৰে সম্পূৰ্ণ কৰি উলিওৱাৰ বিপৰীতে এটা কোঠা প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন বিধায়ক প্ৰয়াত অলক কুমাৰ ঘোষৰ স্মৃতিত তেওঁৰ পৰিয়ালবৰ্গই আৰু আন এটা কোঠা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত বিমল কৃষ্ণ দেৰ স্মৃতিত শিক্ষক-কৰ্মচাৰীৰ বৰঙণিৰে পুনৰ্নিৰ্মাণ কৰি তোলা হৈছে । কোঠাকেইটাৰ ফিতা কাটি মুকলি কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অশোক কুমাৰ আচাৰ্য্যী, প্ৰাক্তন ছাত্ৰী নীলিমা বিশ্বাস নেওগ, অৱসৰপ্ৰাপ্ত আন এগৰাকী প্ৰধান শিক্ষক আশুতোষ চক্ৰৱৰ্তী আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি উত্তম ধৰে । ইয়াৰ পিছতেই সন্ধিয়ালৈ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰূপম কুৰ্মী সোঁৱৰণী মঞ্চত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে এই সোঁৱৰণী মঞ্চ উদ্বোধন কৰে। কাইলৈ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে মুকলি সভাও অনুষ্ঠিত হ’ব । সমূহ কাৰ্য্যসূচীত ৰাইজৰ অংশগ্ৰহণ উদ্যোক্তাসকলে কামনা কৰিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া