নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিথিলা বজাৰত নেতাজীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপনৰ বিৰোধিতা

🔹 বাঙালী ফেডাৰেচনৰ তীব্ৰ গৰিহণা, আৰক্ষীক গোচৰ
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : কোকৰাঝাৰ জিলাৰ চিথিলা বজাৰত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বোসৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপনক লৈ একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে বিৰোধিতা কৰা ঘটনাত সম্প্ৰতি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনাৰ সবিশেষ জানিব পৰা মতে, সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডেৰচনৰ চিথিলা আঞ্চলিক সমিতিৰ উদ্যোগত তথা  চিথিলাবাসী ৰাইজৰ সহযোগত ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বোসৰ এটি প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইতিমধ্যে চিথিলা বজাৰত নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে চিথিলা বজাৰ ব্যৱসায় সমিতিৰ পৰা লিখিত অনুমতি লাভ কৰাৰ অন্তত কালি আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে।  আনহাতে, আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত চাহেদ আলী শ্বেখৰ নেতৃত্বত একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে হাতে হাতে লাঠী লৈ আধাৰশিলা স্থাপন কৰাত বাধা প্ৰদান কৰাৰ লগতে উক্ত স্থানত কোনোপধ্যেই নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি প্ৰকাশ কৰাত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনকি একাংশই ফেডাৰেচনৰ কৰ্মীসকলক আক্ৰমণ কৰাৰ বাবে  উদ্যত হৈ গালি-গালাজ পৰাৰ লগতে পৰিস্থিতি ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈ পৰে। পৰিস্থিতি ইমানে উত্তেজিত হৈ পৰে যে ফেডাৰেচনৰ কৰ্মীসকলে প্ৰাণৰক্ষাৰ বাবে ঘটনাস্থলী ত্যাগ কৰি চিথিলা আৰক্ষী চকীত আশ্ৰয় লয় । যদিও একাংশই আৰক্ষী চকীৰ ভিতৰতে আক্ৰমণ কৰাৰ চেষ্টা চলায় যদিও আৰক্ষী বিষয়াগৰাকীৰ তৎপৰতাত পৰিস্থিতিৰ শাম কাটে । ঘটনা সম্পৰ্কে ইতিমধ্যে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিথিলা আঞ্চলিক সমিতিৰ পৰা এখন এজাহাৰ দাখিল কৰাৰ উপৰি আজি এখন সংবাদ মেলযোগে ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । ফেডাৰেচনৰ চিথিলা আঞ্চলিক সমিতিৰ সভাপতি ৰাম গোপাল ৰায় আৰু সম্পাদক সঞ্জয় দেৱনাথে সম্বোধন কৰা সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।
প্ৰেৰক কৃষ্ণ বৰ্মন

 

You might also like