🔹 জয়সাগৰ পুখুৰীত জাতীয় সংগ্ৰামী সেনা, অসমৰ চাফাই অভিযান
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : জাতীয় সংগ্ৰামী সেনা, অসমৰ ৰংপুৰ আঞ্চলিক সমিতিয়ে আজিৰে পৰা শিৱসাগৰৰ বিভিন্ন প্ৰাচীন কীৰ্তিচিহ্নৰ আশে-পাশে গ্ৰহণ কৰা এলানি চাফাই অভিযানৰ সময়তে পোহৰলৈ আহিল এক ভয়ংকৰ ঘটনা ৷ নৱবৰ্ষৰ সময়ছোৱাত উল্লেখিত প্ৰাচীন কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰিবলৈ অহা পৰ্য্যটকৰ আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে জাতীয় সংগ্ৰামী সেনাৰ ৰংপুৰ আঞ্চলিক সমিতিয়ে অভিযানৰ অংশ হিচাপে জয়সাগৰ পুখুৰীৰ পাৰৰ অংশ চাফা কৰোঁতেই শ শ সুৰাৰ বটল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ছশ বছৰীয়া আহোম ঐতিহ্য বহন কৰি অহাৰ লগতে মহাসতী জয়মতীৰ অমৰ ত্যাগ, দেশপ্ৰেমেৰে জীপাল হৈ থকা আস্থা-বিশ্বাস-ভক্তিৰ প্ৰতীক পুখুৰীটোৰ বুকুত এনেদৰে শ শ সুৰাৰ বটল, ছিৰিঞ্জ উদ্ধাৰ হোৱা ঘটনাই সচেতন মহলকো উদ্বিগ্ন কৰি তুলিছে ৷ আন নালাগে, দীঘলীয়া পৰিকল্পনাৰে নতুন বৰ্ষটোৰ পূৰ্বেই যিকোনো প্ৰকাৰে ৰংঘৰ, তলাতল ঘৰ, পহুগড়, জয়সাগৰ পুখুৰী, ফাকুৱা দল পৰিচ্ছন্নতাৰ বাবে সাজু হোৱা সংগঠনটোৰ কৰ্মীসকলে আজিৰ অভিযানত পুখুৰীৰ বুকুৰ পৰা শ শ মদৰ বটল উদ্ধাৰ কৰা ঘটনা প্ৰত্যক্ষ কৰি তথা আঘাতপ্ৰাপ্ত হোৱাৰ আশংকাত দিনটোৰ বাবে চাফাই স্থগিত ৰাখিবলৈ বাধ্য হয় ৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি ‘নিয়মীয়া বাৰ্তা’ত ধাৰাবাহিকভাৱে জয়সাগৰ পুখুৰীৰ পাৰত প্ৰতি সন্ধিয়াই বহু যুৱক-যুৱতীয়ে মুকলিকৈয়ে সুৰা-ড্ৰাগছ সেৱন কৰাৰ বাতৰি প্ৰকাশ পাই আহিছিল ৷ ইফালে, জাতীয় সংগ্ৰামী সেনা, অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ নেতৃত্বত আজি পুৱাৰে পৰা অৰ্ধশতাধিক কৰ্মীয়ে পুখুৰীৰ পাৰে পাৰে চলোৱা অভিযানত পাইকাৰী হাৰত সুৰা-বীয়েৰৰ বটল, ছিৰিঞ্জ উদ্ধাৰ হোৱা ঘটনাত স্তম্ভিত হৈ পৰে কৰ্মীসকল ৷ এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা চিতু বৰুৱাই এয়া একাংশ উচ্ছৃংখল যুৱক-যুৱতীৰ নৈতিক স্খলনৰ বহিৰ্প্ৰকাশ বুলি আক্ষেপ কৰাৰ লগতে শিৱসাগৰ আৰক্ষী প্ৰশাসনক পুখুৰীৰ চৌপাশে আৰক্ষীৰ নিয়মিত টহলৰ ব্যৱস্থা কৰাৰ লগতে পুখুৰীৰ ঐতিহ্য, সৌন্দৰ্যত কুঠাৰাঘাত কৰাসকলক উৎখাত কৰিবলৈ দাবী জনায় ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান