বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : আজি পুৱাৰে পৰা অসম মেডিকেল কলেজত আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰে। কিছু সময়ৰ পাছতে অগা-পিছাকৈ চাৰিখন ১০৮ এম্বুলেঞ্চ বিশাল আৰক্ষীৰ কনভয়ৰ মাজত অসম মেডিকেল কলেজত উপস্থিত হয়। উল্লেখ্য যে আলফা (স্বাধীন)লৈ যোৱাৰ অভিযোগত শদিয়াৰ তিনি যুৱকক আৰু আলফা (স্বাধীন)ৰে যোগাযোগ থকাৰ সন্দেহত শিৱসাগৰ গেলেকীৰ এজন যুৱকক যোৱানিশা আৰক্ষীয়ে এনকাউণ্টাৰত কৰাত গুৰুতৰভাৱে আহত হয় ৷ এনকাউণ্টাৰত আহত চাৰিজন যুৱকক আজি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ভৰ্তি কৰোৱা হৈছে যদিও কেউজন বিপদমুক্ত বুলি জানিব পৰা গৈছে। আজি অসম মেডিকেল কলেজত উন্নত চিকিৎসাৰ বাবে চাৰিওজন যুৱকক প্ৰথমে ইমাৰজেঞ্চী ৱাৰ্ডত ভৰ্তি কৰাই আঘাত পোৱা স্থানসমূহ ড্ৰেচিং কৰাৰ পাছত অস্থি ৰোগ বিভাগলৈ যাৱতীয় চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
প্ৰেৰক বিভাস দুৱৰা