নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত দুষ্প্ৰাপ্য ৱাক পক্ষী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : পক্ষীকুলৰ পৰা বিলুপ্ত প্ৰায় এটা বিৰল প্ৰজাতিৰ ‘ৱাক’ চৰাই ঢকুৱাখনাৰ বাগিছা গাঁৱত উদ্ধাৰ হয়।জানিব পৰা অনুসৰি বাগিছা গাঁৱৰ এজন ব্যক্তিৰ পুখুৰীত খাদ্যৰ সন্ধানত আহি পাতি থোৱা জালত লাগি ধৰে চৰাইটো।সেই খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ তৎপৰতাত ঢকুৱাখনাৰ প্ৰকৃতিপ্ৰেমী যুৱক তথা স্বেচ্ছাসেৱী সংগঠন ‘Pure Environment For Wildlife’ ৰ কৰ্মী বিমান সন্দিকৈয়ে আঘাতপ্ৰাপ্ত চৰাইটো উদ্ধাৰ কৰে।পক্ষীটোক উদ্ধাৰ কৰি প্ৰকৃতিপ্ৰেমী যুৱকজনে চিকিৎসাৰ ব্যৱস্থা কৰে।যথেষ্ট দুৰ্বল হৈ পক্ষীটোক খাদ্য যোগান ধৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰি চমজাই দিয়ে বনবিভাগৰ হাতত। দুষ্প্রাপ্য পক্ষীটোক উদ্ধাৰ কৰিবলৈ পাই আনন্দিত যুৱকজন। যুৱকজনৰ এই প্ৰকৃতি প্ৰেমক শলাগ লৈছে সকলোৱে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like