🔹 ঢকুৱাখনাত দুই কণমানিৰ প্রকৃতিপ্ৰেমৰ নিদৰ্শন
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : বৰ্তমানৰ যান্ত্ৰিকতাৰ দিনতো ঢকুৱাখনাত প্ৰকৃতিপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে দুই কণমানিয়ে। দুই প্ৰকৃতিপ্ৰেমী কিশোৰ-কিশোৰীয়ে মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিলে বিৰল প্ৰজাতিৰ এটা আঘাতপ্ৰাপ্ত বৰটোকোলাৰ পোৱালিক। ঢকুৱাখনা নগৰৰ কোঁৱৰ গাঁৱৰ এখন পথাৰত পঞ্চম শ্ৰেণীৰ ছাত্ৰ মাধুৰ্য্য গগৈ আৰু দীপালী চেতিয়াই উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত বৰটোকোলাৰ পোৱালিটো। জানিব পৰা মতে, মঙলবাৰে এজোপা শিমলু গছৰ পৰা বিৰল প্ৰজাতিৰ বৰটোকোলা পোৱালিটো উৰিবলৈ চেষ্টা কৰাৰ সময়য়তে তললৈ সৰি পৰে। পিছত কিশোৰ-কিশোৰীহালে বাহৰ পৰা সৰি পৰা বৰটোকোলা পোৱালিটোক বিচাৰি চলাথ কৰে যদিও চৰাইটোৰ কোনো সন্ধান লাভ নকৰিলে। বহু বিচাৰ-খোঁচাৰৰ অন্তত কিশোৰ-কিশোৰী দুগৰাকীয়ে বুধবাৰে পুৱাই সেই স্থানৰ পৰা কিছু নিলগত আঘাতপ্ৰাপ্ত অৱস্থাত বৰটোকোলা পোৱালিটোক উদ্ধাৰ কৰি নিজ গৃহলৈ লৈ আহি শুশ্ৰূষা কৰাৰ লগতে পৰিৱেশকৰ্মী দেৱজিত ফুকনক অৱগত কৰে। পৰিৱেশকৰ্মীজনৰ খবৰৰ ভিত্তিত আজি কোঁৱৰ গাঁওস্থিত কিশোৰ-কিশোৰীহালৰ গৃহত স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক তথা স্বেচ্ছাসেৱী সংগঠন ‘Pure Environment For Wildlife’ৰ কৰ্মী মানস প্ৰতিম দত্ত, ধ্ৰুৱজ্যোতি চেতিয়া আৰু ধৰ্মেশ্বৰ নাথে উপস্থিত হৈ বিৰল প্ৰজাতিৰ চৰাইটো ঢকুৱাখনা প্ৰাথমিক পশু চিকিৎসালয়লৈ লৈ যায়। চিকিৎসাৰ অন্তত বৰটোকোলাৰ পোৱালিটোক গতাই দিয়ে ঢকুৱাখনা বন বিভাগক। কাইলৈ আঘাতপ্ৰাপ্ত বৰটোকোলাটোক কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব বুলি স্বেচ্ছাসেৱী সংগঠনটোৱে জনাইছে।ইফালে, দুই কণমানি মাধুৰ্য্য গগৈ আৰু দীপালী চেতিয়াৰ প্ৰকৃতিপ্ৰেমৰ নিদৰ্শনৰ শলাগ লৈছে প্ৰকৃতিপ্ৰেমী লোকে।
প্ৰেৰক পুলকজ্যোতি বৰা