🔹 দুই পত্নীৰ স্বামী শ্বৰিফ আলীক দৰঙৰ পৰা আটক আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : এগৰাকী নাবালিকা ছাত্ৰীক প্ৰেমৰ জালত পেলাই ফুচুলাই নি ৰঙাঘৰৰ আলহী হ’ল এগৰাকী হাফিজীয়া মাদ্ৰাছাৰ শিক্ষক | ফাদিল হ’ল এগৰাকী হাফিজীয়া মাদ্ৰাছাৰ শিক্ষকৰ কু-কীৰ্তি। ঘৰত দুগৰাকীকৈ পত্নী থকাৰ পাছতো নাবালিকাৰ স’তে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ে | শেষত লম্পট মাদ্ৰাছা শিক্ষক শ্বৰিফ আলীক আটক কৰিলে আৰক্ষীয়ে। নগৰবেৰাৰ নায়টৰ-বিদ্যানগৰত আঞ্চলিক হাফিজীয়া মাদ্ৰাছাৰ শিক্ষক হিচাপে কৰ্মৰত আছিল দৰং খাৰুপেটীয়া ধুলাৰ শ্বৰিফ আলী | ২৬ ডিচেম্বৰৰ পুৱা স্কুললৈ যোৱা এগৰাকী নাবালিকাক আদবাটৰ পৰাই পলুৱাই নিজ গাঁৱলৈ নিয়ে আলীয়ে | ঘৰত হেনো দুগৰাকী পত্নীও আছে শ্বৰিফ আলীৰ ! অৱশেষত নাবালিকাৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে অভিযান চলাই ধুলা আৰক্ষী আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ খলনায়ক লম্পট শ্বৰীফ আলীক আটক কৰিবলৈ সক্ষম হয় | মাদ্ৰাছাত শিক্ষকতা কৰিবলৈ গৈ নাবালিকাক অপহৰণ কৰি আটক হোৱাৰ খবৰে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে নগৰবেৰা অঞ্চলত | সকলোৱে শ্বৰিফ আলীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস