নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : পথ সুৰক্ষাৰ বাৰ্তা লৈ আজি মৰিগাঁও জিলাৰ লাহৰীঘাটত বাইক চলাই উপস্থিত হয় অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। প্ৰতিদিনে ৰাজ্যত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটিছে বহু লোকে। ট্ৰেফিক আইন উলংঘা কৰাই হওক বা মদ্যপান কৰি বাইক-গাড়ী চলোৱাৰ ফলতে হওক, প্ৰায়ে সংঘটিত হয় দুৰ্ঘটনা। এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ৰাইজক সচেতন কৰাৰ উদ্দেশ্যৰে উজনি অসমৰ পৰা নিজে বাইক চলাই এক সজাগতা যাত্ৰা আৰম্ভ কৰিছিল মন্ত্ৰীগৰাকীয়ে। ৩২,৫২৫ কি:মি: পথ বাইকেৰে যাত্ৰা কৰি বৃহস্পতিবাৰে লাহৰীঘাটত উপস্থিত হয়। তাৰ পাছতে লাহৰীঘাট পৰিদৰ্শন বঙলাত এখন সজাগতা সভা অনুষ্ঠিত হয়। দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হোৱা সজাগতা সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা পৰিবহণ বিষয়া বাপন কলিতা আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াৰ লগতে আন আন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। সজাগতা সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সজাগতাৰ ওপৰত বিশদভাৱে ভাষণ ৰাখে। হেলমেট পৰিধান কৰি, ছিটবেল্ট পৰিধান কৰি বাইক-গাড়ী চলাবলৈ সকলোকে আহ্বান জনায়। সজাগতা সভাত পথ সুৰক্ষাৰ ওপৰত এখন বাটৰ নাট পৰিৱেশন কৰা হয়।
প্ৰেৰক আবুল কালাম