নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজ ধর্মৰ প্রতি নিষ্ঠা কমিলে মানুহ ধর্মান্তৰিত হয় : আৰএছএছপ্রধান মোহন ভাগৱত

🔹 মাজুলীত পূর্বোত্তৰ সন্ত মণিকাঞ্চন সন্মিলনত নামনিত মুছলমান–উজনিত খ্রীষ্টানৰ আগ্রাসনক লৈ আলোচনা

নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ : ‘আমি সমস্যা সম্পর্কে চর্চা কৰি থকাৰ সলনি ইয়াক কিদৰে সমাধান কৰিব পাৰি, তাৰ প্রতি যত্নপৰ হোৱা উচিত৷ মানুহৰ অনেক প্রকাৰৰ সমস্যা থাকে৷ এই সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াই সত্যৰ সন্ধান কৰিব লাগে৷’- এই মন্তব্য ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতৰ৷ তিনিদিনীয়া ভ্রমণসূচীৰে কালি সত্র–সংস্কৃতিৰ পীঠস্থান মাজুলীত উপস্থিত হোৱা মোহন ভাগৱতে আজি উত্তৰ কমলাবাৰী সত্রৰ প্রেক্ষাগৃহত উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন পন্থৰ ১১৪গৰাকী সত্রাধিকাৰ তথা সন্তৰ উপস্থিতিত অনুষ্ঠিত ‘পূর্বোত্তৰ সন্ত মণিকাঞ্চন–২০২৩’ শীর্ষক এক মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰি এইদৰে মন্তব্য কৰে৷ উল্লেখ্য যে ১৯৬৬ চনৰ পিছত অসমত এইবাৰ অনুষ্ঠিত হৈছে পূর্বোত্তৰ সন্ত মণিকাঞ্চন–২০২৩৷ সন্মিলনত উপস্থিত সত্রাধিকাৰ তথা সন্তসকলক উদ্দেশ্যি ভাগৱতে কয় যে আমাৰ পন্থ বা উপাসনা পদ্ধতি পৃথক হ’লেও আমি সকলোৱে সনাতনী৷ দর্শনৰ পথ কিছু পৃথক অথবা পথ বেলেগ বেলেগ হ’লেও লক্ষ্য কিন্তু একেটাই৷ আমাৰ দেশ ভাৰতবর্ষৰ বিশেষত্ব এয়ে যে পন্থ পৃথক হ’লেও আমি সকলোৱে মিলিজুলি থাকোঁ৷ যিদৰে পাহাৰ–পর্বত বগাবলৈ আমি বিভিন্ন পথেৰে যাত্রা কৰিলেও লক্ষ্য এটাই যে পাহাৰ–পর্বতৰ শিখৰত আৰোহণ কৰা৷ তেওঁ আৰু কয় যে ধর্ম প্রচাৰকসকলৰ ক্ষমতা বহুত৷ তেওঁলোকে সমাজ সলনি কৰি দিব পাৰে৷ আনহাতে, প্রত্যেক মানুহৰ দৰে ৰাষ্ট্রৰো নিজস্ব স্বভাৱ থাকে৷ ভাষা–সংস্কৃতি, পূজা–পদ্ধতি, ভৌগোলিক অৱস্থা, বাসস্থান, প্রকৃতি বেলেগ বেলেগ হ’লেও ভাৰতবর্ষৰ মানুহৰ স্বভাৱ একে৷ আৰু এয়াই আমাৰ সংস্কৃতি৷ ভাষণ প্রসংগত ভাগৱতে ধর্মান্তৰকৰণৰ প্রসংগত কয় যে নিজ ধর্মৰ প্রতি নিষ্ঠা কম হ’লেহে মানুহ ধর্মান্তৰিত হয়৷ জনজাতীয় লোকসকল ধর্মান্তৰিত হোৱা সন্দর্ভত তেওঁ কয় যে ইয়াৰ কাৰণ হ’ল জনজাতীয় লোকসকলৰ লগত আমাৰ সম্পর্ক কমি গ’ল৷ আমি সম্পর্ক ঠিক কৰিলে তেওঁলোক পুনৰ আমাৰ মাজলৈ আহিব৷ তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, উপার্জনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব৷ সামাজিক সচেতনতা আৰু সামাজিক ব্যাধিৰ ওপৰত আলোচনা কৰি প্রচাৰৰ ওপৰত গুৰুত্ব দিব লাগিব৷ আমাৰ সভ্যতা, সংস্কৃতি, নৱপ্রজন্মৰ বাবে বিভিন্ন সামাজিক মাধ্যম, কাকত–আলোচনী আদিৰ জৰিয়তে প্রকাশ কৰিব লাগে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে তাহানিতে অসমীয়া সমাজখনক একত্রিত কৰি থৈ গৈছে বুলিও তেওঁ উল্লেখ কৰে৷ সন্মিলনৰ পূর্বে সত্রীয়া গায়ন–বায়নেৰে আৰএছএছপ্রধান মোহন ভাগৱতৰ লগতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ধর্মগুৰুসকলক সন্মিলনলৈ আদৰি আনে৷ ইপিনে, সন্মিলনখনৰ অসম সত্র মহাসভাৰ প্রধান সম্পাদক কুসুম মহন্তই মাজুলীত হোৱা খ্রীষ্টানৰ আগ্রাসনক লৈ উদ্বেগ প্রকাশ কৰি কয় যে নামনি অসমত মুছলমানসকলৰ আগ্রাসনৰ সমান্তৰালভাৱে উজনি অসমত একাংশ জনজাতীয় লোকক লক্ষ্য কৰি খ্রীষ্টান ধর্মৰ আগ্রাসন চলি আছে৷ সন্মিলনত আউনিআটী সত্রৰ সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে প্রায় ৫০০ বছৰ পূর্বে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সত্র–সংস্কৃতি স্থাপন কৰি অসমীয়া জাতিটোক সমৃদ্ধ কৰি থৈ গৈছে৷ দক্ষিণপাট সত্র অধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে কয় যে ধর্ম ৰক্ষা কৰাৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ সকলো ধর্মগুৰু একত্রিত হোৱাটো আজিৰ এই সন্মিলনৰ বিশেষ মহত্ত্বপূর্ণ দিশ৷ হিন্দু ধর্ম ৰক্ষাৰ বাবে আমি একত্রিত হোৱাটো অতি জৰুৰী৷ সন্মিলনত উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱ গোস্বামীয়ে কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এই মাজুলীতে মণিকাঞ্চন সংযোগ হোৱাৰ দৰে পূর্বোত্তৰৰ সন্ত মণিকাঞ্চন সংযোগ হয়৷ আমি ৰাজনৈতিকভাৱে পৃথক হ’লেও ধর্মীয় আৰু সাংস্কৃতিকভাৱে এক হৈয়েই আছোঁ আৰু থাকিম৷ সেইদৰে একশৰণ ভাগৱতী সমাজৰ সভাপতি প্রভাত চন্দ্র মেধিয়ে খ্রীষ্টান ধর্মৰ আগ্রাসনৰ বিষয়টোৰ ওপৰত বিশেষ আলোচনা হ’ব লাগে বুলি মত প্রকাশ কৰে৷ নামচাই পৰিয়াট্টি চাচনা বৌদ্ধ বিহাৰৰ বৌদ্ধগুৰু ৱেন অগ্গধম্ম ভাণ্টে কয় যে আমাৰ মাজত দ্বন্দ্ব-খঁৰিয়াল নকৰি সকলো পন্থ, সম্প্রদায়, ধর্মীয় গুৰুসকল একত্রিত হৈ কাম কৰিব লাগে৷ ত্রিপুৰাৰ মহন্ত গায়মুনি চিত্তৰঞ্জন মহাৰাজে সকলো সনাতনী এক, এই কথা মনত ৰাখি সকলোৱে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে৷ নগাভূমিৰ জেলিয়াংৰং হৰক্কাৰ সম্পাদক মৌংটুইং জেমে কয় যে পূর্বোত্তৰৰ বহু ধর্মীয় গুৰুৱে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সংগ্রাম কৰিবলগীয়া হৈছে৷ কোকৰাঝাৰৰ বাথৌ সমাজৰ মুখপাত্র চিবিৰাম বসুমতাৰীয়ে কয় যে সকলো জাতিৰ মূল কথাই হৈছে ধর্ম৷ ধর্ম নহ’লে জাতিৰ অস্তিত্ব ক’ত বুলিও তেওঁ প্রশ্ন  কৰে৷ সন্মিলনত ডোনিপোলো য়েলাম, ইনি মেচেলু জিনু বিকাশ সমাজ, গাৰোবাদা, কার্বি সমাজৰ লখিমন সংঘকে ধৰি বহু ধর্মীয় সমাজৰ ধর্মগুৰুৱে বক্তব্য প্রদান কৰে৷ মন কৰিবলগীয়া এয়ে যে ৰাজ্যখনৰ বিভিন্ন সত্রৰ সত্রাধিকাৰ, কার্বি সমাজৰ লখিমন সংঘৰ ধর্মগুৰু একশৰণ ভাগৱতী সমাজ, নেপালী সমাজ, হৰেকৃষ্ণ, কৃষ্ণগুৰু সেৱাশ্রম, শিৱ সনাতন ধর্মগুৰু, ৰাম সনাতন ধর্মগুৰু, চেইম হিমা খাইৰিম, পূজাৰী, বৌদ্ধগুৰু আদিকে ধৰি পন্থ, সম্প্রদায়ৰ সন্ত, ধর্মীয় গুৰু উপস্থিত থাকে৷ আনহাতে, নেলী ৰাজ্যৰ ৰজা ৰামসিং দেওৰজা, চহৰী ৰাজ্যৰ ৰজা সুৰেন কোঁৱৰো উপস্থিত থাকে৷ সত্রাধিকাৰসহ মাজুলী জিলাৰ সর্বাধিক ২৪গৰাকী, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, তেজপুৰ, নগাঁও, গোৱালপাৰা আৰু গাৰো পাহাৰৰ দুগৰাকীকৈ, যোৰহাট, গোলাঘাট, মৰিগাঁও জিলা আৰু মণিপুৰৰ চাৰিগৰাকীকৈ, কার্বি আংলং, নাগাভূমি, ধেমাজি, ডিব্রুগড় আৰু জয়ন্তীয়া জিলাৰ তিনিগৰাকীকৈ, লখিমপুৰ, কোকৰাঝাৰ, অৰুণাচল প্রদেশৰ আঠগৰাকীকৈ, দক্ষিণ কামৰূপ, চৰাইদেউ, কামৰূপ, বাক্সা, ধুবুৰী, শ্বিলং আৰু ত্রিপুৰাৰ এগৰাকীকৈ, গুৱাহাটী আৰু বৰপেটা জিলাৰ পাঁচগৰাকী ধর্মগুৰুসহ মুঠ ১১৪গৰাকী ধর্মগুৰুৱে অংশগ্রহণ কৰে৷ ইফালে, সন্মিলনৰ অন্তত উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰৰ বহাত সকলোৰে সৈতে একেলগে আৰএছএছপ্রধানগৰাকীয়ে ভোজন কৰে৷ ইয়াৰ পিছতে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে আবেলিৰ ভাগত মাজুলীৰ দক্ষিণপাট সত্র দর্শন কৰি সত্রৰ কীর্তন ঘৰত সেৱা লয়৷ সত্রখনৰ সত্রাধিকাৰ প্রমুখ্যে সত্রৰ বৈষ্ণৱবৃন্দই চেলেং চাদৰ, সম্বর্ধনা পত্র আদিৰে আৰএছএছৰ নেতাগৰাকীক আদৰণি জনায়৷ ইয়াৰ পিছতে সত্রাধিকাৰে দক্ষিণপাট সত্রৰ ঐতিহ্য, পৰম্পৰা সন্দর্ভত মোহন ভাগৱতক অৱগত কৰে৷ ভাগৱতে দক্ষিণপাট সত্রৰ পৰম্পৰাগত ঐতিহাসিক নৃত্য–গীতৰ এক সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে৷ ইয়াৰ পাছতেই আৰএছএছপ্রধানগৰাকী পুনৰ উত্তৰ কমলাবাৰী সত্রত উপস্থিত হৈ সত্রখনৰ সভাগৃহত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে৷ কাইলৈ পুৱা এক শাৰীৰিক কার্যসূচীত অংশগ্রহণ কৰি মোহন ভাগৱতে পুৱাৰ ভাগতে আউনিআটী সত্র দর্শন কৰিব৷ তাৰ পাছতেই তেওঁ মাজুলী মিনি ষ্টেডিয়ামত আয়োজিত লুইত–সোৱণশিৰি এক বিশাল সমাৰোহ সম্বোধন কৰিব৷

You might also like