নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইন সমস্যা সমাধানৰ বাবে ভাৰতৰ সহায় লাগে ৰাছিয়াক

🔹 মোদীক মস্কোলৈ আমন্ত্রণ পুটিনৰ

নিয়মীয়া ডিজিটেল ডেস্ক , ২৮ ডিচেম্বৰ : আলোচনাৰ জৰিয়তে ৰাছিয়া–ইউক্রেইন যুদ্ধ বন্ধ হ’ব লাগে বুলি ভাৰতে দাবী কৰি আহিছে৷ দুয়োখন প্রতিৱেশী দেশে শান্তিপূর্ণ সমাধান সূত্র বিচাৰি উলিয়াব লাগে বুলি ভাৰতে দীর্ঘদিনৰে পৰা মন্তব্য কৰি আহিছে৷ ৰাছিয়া ভ্রমণৰত বিদেশ মন্ত্রী এছ জয়শংকৰৰ সৈতে বৈঠকত ভাৰতৰ এই অৱস্থানৰ কথা উল্লেখ কৰিলে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনেও৷ অকল সেয়াই নহয়, ইউক্রেইন সমস্যাৰ শান্তিপূর্ণ সমাধানৰ বাবে ‘বন্ধু’ নৰেন্দ্র মোদীৰ সহায় বিচাৰিলে পুটিনে৷ কালি ক্রেমলিনত ৰুছ ৰাষ্ট্রপতিৰ চৰকাৰী বাসভৱনত পুটিনৰ সৈতে বৈঠকত মিলিত হয় ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰ৷ বৈঠকত একাধিক বিষয় আলোচনালৈ আহে৷ ইউক্রেইন যুদ্ধৰ প্রসংগও পুটিন–জয়শংকৰৰ আলোচনাত উত্থাপন হয়৷ এই বৈঠকতে জয়শংকৰৰ জৰিয়তে মোদীক ৰাছিয়ালৈ আমন্ত্রণ জনালে পুটিনে৷ প্রায় দুবছৰ ধৰি চলা যুদ্ধৰ শান্তিপূর্ণ সমাধানৰ বাবে ৰুছ প্রশাসনে ভাৰতৰ প্রধানমন্ত্রীক অতিৰিক্ত তথ্য দি সহযোগিতা কৰিব বিচাৰে বুলিও পুটিনে জয়শংকৰৰ আগত উল্লেখ কৰে৷ ইয়াৰ পূর্বে জয়শংকৰে ৰুছ বিদেশ মন্ত্রী ছের্গেই লেভৰভৰ সৈতে আলোচনাত মিলিত হয়৷ দুয়োগৰাকী মন্ত্রীৰ মাজত কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হয়৷

You might also like