🔹 ড০ ধ্রুৱজ্যোতি বৰালৈ অসম প্রকাশন পৰিষদ সাহিত্য বঁটা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ডিচেম্বৰ : বিশিষ্ট সাহিত্যিক আৰু প্রকাশকক প্রদান কৰি অহা সন্মানীয় ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্রকাশন পৰিষদ প্রকাশক বঁটা’ কালি ঘোষণা কৰা হয়৷ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আজিৰ পৰা অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্রন্থমেলা, গুৱাহাটীৰ বাকৰিত কালি এখন সংবাদ মেলত পৰিষদৰ সচিব প্রমোদ কলিতাই এই কথা ঘোষণা কৰে৷ তেওঁ কয় যে ২০২৩ বর্ষৰ ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ৰে সন্মানিত হৈছে বিশিষ্ট সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰা ৷ ‘ইনাৰ লেণ্ডস্কেইপ্ছ’ শীর্ষক গ্রন্থখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ এই বঁটাত আছে নগদ ৫ লাখ টকা, প্রশস্তি–পত্র, অংগবস্ত্র আৰু গ্রন্থৰ টোপোলা ৷ উল্লেখ্য যে ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰা বিশিষ্ট সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰাৰ ‘ইনাৰ লেণ্ডস্কেইপ্ছ’ গ্রন্থখন প্রকাশ কৰি উলিয়াহছে অসম পাব্লিছিং কোম্পানীয়ে৷ সেয়ে অসম পাব্লিছিং কোম্পানীলৈ আগবঢ়োৱা হৈছে ‘অসম প্রকাশন পৰিষদ প্রকাশক বঁটা’৷ প্রকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্র, অংগবস্ত্র আৰু কিতাপৰ টোপোলা৷ আজি অসম গ্রন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব৷ উল্লেখ্য যে অসম প্রকাশন পৰিষদে ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ বিগত ২০২১ বর্ষত ড০ নন্দিতা দেৱী আৰু ২০২২ বর্ষত ড০ প্রণৱজ্যোতি ডেকাক প্রদান কৰিছিল৷ সেইদৰে উক্ত দুটা বর্ষত প্রকাশকৰ বঁটা লাভ কৰা প্রকাশন প্রতিষ্ঠান দুটা হৈছে ক্রমে ‘জ্যোতি প্রকাশন’ আৰু ‘বান্ধৱ’৷ উল্লেখ্য যে এইবাৰ বঁটাৰ বাবে লেখক আৰু প্রকাশকৰ পৰা প্রায় ২০০খন গ্রন্থ অসম প্রকাশন পৰিষদত জমা দিয়া হৈছিল৷ বঁটাৰ বাবে গঠিত বিচাৰক মণ্ডলীয়ে প্রথমে এই ২০০খন গ্রন্থৰ পৰা ২০খন গ্রন্থ নির্বাচন কৰে৷ পৰৱর্তী পর্যায়ত ১০খন আৰু শেষত ৬খন গ্রন্থ চূড়ান্ত বিচাৰৰ বাবে নির্বাচন কৰে৷ বিচাৰক মণ্ডলীয়ে চূড়ান্ত পর্যায়ত নির্বাচন কৰা ৬খন গ্রন্থৰ অন্যান্য পাঁচখন গ্রন্থ হ’ল– য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’, দেৱব্রত দাসৰ ‘ৰাজহাঁহৰ গান’, শিৱানন্দ কাকতিৰ ‘আয়ু যায় হালে জালে’, অপূর্ব কুমাৰ শইকীয়াৰ ‘মনৰ ডাক্তৰ’ আৰু বিতোপন বৰবৰাৰ ‘২১ গ্রামৰ জীৱন’৷ ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ৰ ২০২৩ বর্ষৰ বিচাৰকৰ সমিতিখনত আছিল ক্রমে সুমন্ত চলিহা (অধ্যক্ষ), ড০ অদিতি বেজবৰুৱা (সদস্য), ড০ সত্যকাম বৰঠাকুৰ (সদস্য), ড০ লক্ষী হাজৰিকা (সদস্য) আৰু মিহিৰ দেউৰী (সদস্য)৷ ইফালে, আজিৰ পৰা ১২দিনীয়া বর্ণিল কার্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাহ যৌথভাৱে আয়োজন কৰা অসম গ্রন্থমেলা৷ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে ২০২৩–২৪ বর্ষৰ নির্ধাৰিত কার্যসূচী অনুসৰি, হাফলং, তিনিচুকীয়া, শিৱসাগৰ, নলবাৰী আৰু শিলচৰত অসম গ্রন্থমেলাৰ সফল সামৰণিৰ পিছত গুৱাহাটীত এই গ্রন্থমেলাৰ আয়োজন কৰা হৈছে৷ ইয়াত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ শতাধিক প্রকাশন গোষ্ঠীয়ে যোগদান কৰিব৷ আজি বিয়লি ৪ বজাত অসম গ্রন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হ’ব৷ ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব বিশিষ্ট লেখক, উচ্চতম ন্যায়ালয়ৰ সন্মানীয় অধিবক্তা জে. সাহ দীপকে৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্ত, সাহিত্য অকাডেমিৰ সচিব ড০ কে শ্রীনিৱাস ৰাও আৰু বিশিষ্ট লেখক, জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাই ৷ ১২ দিনীয়া অসম গ্রন্থমেলা, গুৱাহাটীৰ কার্যসূচী সদৰী কৰি তেওঁ কয় যে প্রতিদিনেই ভাষা–সাহিত্য–সংস্কৃতি, ইতিহাস আৰু সমাজ জীৱনৰ বিভিন্ন প্রাসংগিক আৰু গুৰুত্বপূর্ণ বিষয়ক আধাৰ কৰি গ্রন্থমেলাত আলোচনা সত্র অনুষ্ঠিত হ’ব৷ সেই অনুসৰি ৩০ ডিচেম্বৰৰ বিয়লি ৩ বজাত বিশিষ্ট সাহিত্য সমালোচক ড০ গোৱিন্দ প্রসাদ শর্মাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ উপন্যাসৰ বিষয়বস্তুৰ বিশেষত্ব’ শীর্ষক আলোচনা সত্র৷ ইয়াত অংশগ্রহণ কৰিব বিশিষ্ট লেখক–সমালোচক ক্রমে ড০ প্রাণজিৎ বৰা, অৰিন্দম বৰকটকী, ড০ বিনীতা বৰা দেৱচৌধুৰী, ড০ দীপকজ্যোতি বৰুৱা আৰু ড০ প্রাঞ্জল শর্মা বশিষ্ঠই৷ বছৰৰ শেষ দিনটোত অর্থাৎ ৩১ ডিচেম্বৰত পুৱা ১১ বজাৰ পৰা আয়োজিত হ’ব মহিলাসকলৰ বিশেষ অনুষ্ঠান ‘জোনাকী মেল’৷ নৱবর্ষৰ প্রথম দিনা অর্থাৎ ১ জানুৱাৰীত বিয়লি ২ বজাত বিশিষ্ট সাংবাদিক, গ্রন্থকাৰ, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য ড০ সমুদ্রগুপ্ত কাশ্যপৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘লেখক–পাঠকৰ সমাৰোহ’৷ ২ জানুৱাৰীত বিয়লি ২ বজাত অনুষ্ঠিত হ’ব সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ ‘প্রকাশক সন্মিলন আৰু সম্বর্ধনা’ শীর্ষক বিশেষ অনুষ্ঠান৷ ইয়াত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰিব ৰাজস্থানৰ জয়পুৰস্থিত বাল সাহিত্য অকাডেমিৰ সচিব ৰাজেন্দ্র মোহন শর্মাই৷ ৩ জানুৱাৰীত বিয়লি ৩ বজাৰ পৰা বিশিষ্ট কবি, সাহিত্য সমালোচক নোমল মাহাত্তাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব যুৱ লেখকৰ সমাৰোহ ‘উন্মীলন’৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব ওড়িশাৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড০ সম্পদানন্দ মিশ্রই আৰু বিশেষ অতিথিৰূপে উপস্থিত থাকিব ভিয়েটনামৰ বিশিষ্ট কবি গুৱেন হাং৷ ৪ জানুৱাৰীত বিয়লি ১ বজাত বিশিষ্ট সাংবাদিক, সাহিত্য অকাডেমি বঁটাপ্রাপক ঔপন্যাসিক অনুৰাধা শর্মা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘অসমীয়া উপন্যাসৰ ৰূপান্তৰ আৰু অন্বেষণ’ শীর্ষক আলোচনা সত্র৷ ৫ জানুৱাৰীৰ বিয়লি ৩ বজাত ‘প্রকাশ’ৰ উদ্যোগত আয়োজিত হ’ব ‘গল্প আৰু গল্পকাৰ’ শীর্ষক বিশেষ অনুষ্ঠান৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব বিশিষ্ট কথাশিল্পী অপূর্ব কুমাৰ শহকীয়াই৷ অনুষ্ঠান পৰিচালনা কৰিব বিশিষ্ট গল্পকাৰ অতনু ভট্টাচার্যই৷ ৬ জানুৱাৰীত পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব ‘শিশুৰ দিন’ অনুষ্ঠানৰ প্রথম পর্ব৷ এই অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট লেখক, শীর্ষ আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই৷ ইয়াৰ পিছতে আকস্মিক বক্তৃতা প্রতিযোগিতা আৰু দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব কবিতা আবৃত্তি প্রতিযোগিতা৷ একেদিনাই বিয়লি ৩ বজাৰ পৰা বিশিষ্ট ঔপন্যাসিক, স্তম্ভ লেখক ফণীন্দ্র কুমাৰ দেৱ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘সৃষ্টিশীলতা আৰু সামাজিক মাধ্যম’ শীর্ষক আলোচনা সত্র৷ ৭ জানুৱাৰীত পুৱা ১০ বজাৰ পৰা ‘শিশুৰ দিন’ৰ দ্বিতীয় পর্ব উপলক্ষে অনুষ্ঠিত হ’ব চিত্রাংকন প্রতিযোগিতা আৰু দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব আকর্ষণীয় মুকলি কুইজ৷ ৮ জানুৱাৰীত বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হ’ব ‘সাহিত্যৰ বিকাশত অনুবাদৰ ভূমিকা’ শীর্ষক আলোচনা সত্র৷ একেদিনাই বিয়লি ৩ বজাত বিশিষ্ট সাহিত্যিক, সমালোচক, গৱেষক ড০ আনন্দ বৰমুদৈৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘গ্রন্থ আৰু ভৱিষ্যতৰ ৰূপান্তৰিত পৃথিৱী’ শীর্ষক আলোচনা সত্র৷ ৯ জানুৱাৰীত বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলাৰ সামৰণী অনুষ্ঠান৷ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰিব শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব পশ্চিমবংগৰ বিশিষ্ট লেখক দীপ হালদাৰ আৰু মোহিত ৰয়ে৷ কালি সংবাদ মেলত অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাৰ লগতে উপস্থিত থাকে সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, উপ–সভাপতি বাহাৰুদ্দিন ইছলাম চৌধুৰী৷ ইপিনে, গ্রন্থমেলাত মুঠ ২ হাজাৰ টকাৰ গ্রন্থ ক্রয় কৰা পঢ়ুৱৈসকলৰ মাজত কুপনযোগে অনুষ্ঠিত কৰা হ’ব লটাৰী প্রতিযোগিতা৷ ২ লাখ টকা মূল্যৰ মুঠ ২৫টা পুৰস্কাৰ প্রতিযোগিতাখনত প্রদান কৰা হ’ব৷