নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেছ গীল্ড ঢকুৱাখনাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ : দীৰ্ঘদিনীয়া অভাৱৰ অন্ত পেলাই বৃহত্তৰ ঢকুৱাখনা মহকুমাৰ সাংবাদিক, সমাজকৰ্মীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ঢকুৱাখনাৰ সংবাদসেৱীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড, ঢকুৱাখনাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ আজি শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই। এই উপলক্ষে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সভাপতি আলোক চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দ্বাৰ মুকলি অনুষ্ঠানত ভৱনৰ দ্বাৰ মুকলি কৰি দিয়া ভাষণত বিধায়ক নৱ কুমাৰ দলেই কয়- সাংবাদিকতাৰ পথাৰখনত সাংবাদিকসকলে কিমান কষ্ট কৰিব লাগে, তাক মই অনুধাৱন কৰিব পাৰোঁ। বহু কষ্টৰ বলত সাংবাদিকসকলে এখন সমাজক সঠিক পথত আগুৱাই যাবলৈ দিক নিৰ্ণয় কৰি দিয়ে। তেওঁ ঢকুৱাখনাৰ সাংবাদিকসকলক প্ৰশাসনৰ লগত সহযোগ কৰি চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰকৃত হিতাধিকাৰীসকলে পাইছে নে নাই, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত বিধায়ক দলেই সমাজ গঠনত সাংবাদিকৰ ভূমিকা লেখত ল’বলগীয়া বুলি উল্লেখ কৰি বিধায়ক পুঁজিৰ পৰা ঢকুৱাখনাৰ সংবাদসেৱীসকলৰ সুবিধা কৰি দিয়াৰ পদক্ষেপ এটাৰ সফল ৰূপ দেখি মনত সন্তুষ্টি লাভ কৰাৰ কথাও উল্লেখ কৰে।সম্পাদক ৰাজীৱ বৰুৱাই আঁত ধৰা সভাখনত ঢকুৱাখনাৰ প্ৰবীণ সাংবাদিক জগদীশ গগৈ, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাসে বক্তব্য প্ৰদান কৰে। ঢকুৱাখনা নগৰৰ মাজমজিয়াত চৰকাৰী আবণ্টিত ভূমিত ২০২১-২২ বৰ্ষৰ বিধায়ক পুঁজিৰ ৫ লাখ লাখ টকা আবন্টন দিছিল (পূৰ্বতে ৫ লাখ)। উক্ত ধনেৰে গীল্ডৰ কাৰ্যালয় নিৰ্মাণ কৰা হয় যদিও আৰু বহু সমস্যা সমাধান কৰাৰ বাবে আৰু অধিক ধনৰ প্ৰয়োজন আছে বুলি সন্থাৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে। দ্বাৰ মুকলি অনুষ্ঠানত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, লেখক ডিম্বেশ্বৰ গগৈ, সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়া, ঢকুৱাখনা মহকুমাৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে কেইবাজানো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like