🔹 নাটক আখ্যা একাংশৰ
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ : কোনোৱে কয়- “শেষ হ’ল আজিৰ খেল”, কোনোৱে কয়- “এখন নাটকৰ সামৰণি”- তাকে লৈ বিয়পে উত্তেজনাও। ৰাজহ বিভাগৰ এক উচ্ছেদ কাৰ্যক লৈ এনে পাতলীয়া মন্তব্য একাংশৰ | নগৰবেৰা ৰাজহ চক্ৰৰ ভিন্ন স্থানত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ বাংলা ইটা ভাতা। শুকুৰবাৰে ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰে সদলবলে বাংলা ইটা ভাতাৰ বিৰুদ্ধে উচ্ছেদ চলায় | জামলাই পথাৰত ৰাজহ চক্ৰ বিষয়াগৰাকীৰ নিৰ্দেশত দুখনকৈ জেচিবিৰে চলোৱা হয় উচ্ছেদ। নষ্ট কৰা হয় পথাৰত শুকুৱাবলৈ ৰখা বহু কেঁচা ইটা | স্মৰ্তব্য যে শ শ ব্যৱসায়ীয়ে নগৰবেৰা ৰাজহ চক্ৰৰ ভিন্ন স্থানত গঢ়ি তুলিছে ৰমৰমীয়া ইটাৰ ব্যৱসায়। আনকি চৰকাৰী মাটিতো প্ৰশাসনৰ চকুৰ সন্মুখতে প্ৰতি বছৰে গঢ় লৈ উঠিছে এনে মজবুত ছিণ্ডিকেট |অৱশেষত শুকুৰবাৰৰ দুপৰীয়া ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত চলিল এই উচ্ছেদ কাৰ্য। পিছে একাংশৰ মতে, এয়া হেনো উচ্ছেদৰ নামত প্ৰশাসনৰ এক নাটকহে ! একাংশই আকৌ খেল বুলিও অভিহিত কৰিলে এই উচ্ছেদ কাৰ্যক | এই উচ্ছেদ কাৰ্যৰ অন্তত জুম বান্ধি বহুতৰ কথাৰ কটাকটি হয় আৰু তাকে লৈ কিছু উত্তেজনাও বিয়পে | প্ৰশ্ন হয়, প্ৰশাসনৰ চকুৰ সন্মুখতে দীৰ্ঘদিন ধৰি এনে ব্যৱসায় (তাকো চৰকাৰী সংৰক্ষিত ভূমিত) অব্যাহত থকাটোৱে ৰাজহ বিভাগৰ একধৰণৰ বিফলতা আৰু দুৰ্বল স্থিতিকেই যেন উদঙাই দিছে | আৰম্ভণিতেই কঠোৰ স্থিতি ল’লেহে ভাল আছিল বুলি চৰ্চা চলে সচেতন মহলৰ মাজত |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস