🔹 ৮০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ ভূমিত বেদখলেৰে বাস কৰিছিল ১৫৯টা পৰিয়ালে
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ : বিলাসীপাৰা মহকুমাৰ খুদিগাঁৱত আজি পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ। বেদখলমুক্ত হ’ল ১০০০ বিঘা ভূমি। য’ত স্থাপন হব ৮০ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প। উল্লেখ্য যে চৰকাৰে মহকুমাটোত এটা সৌৰশক্তি প্ৰকল্প স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। যি প্ৰকল্পৰ দ্বাৰা মহকুমাটোৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ লক্ষ্য লোৱা হয়। মহকুমা প্ৰশাসনে এই প্ৰকল্পৰ বাবে বিলাসীপাৰাৰ খুদিগাঁও দ্বিতীয় খণ্ড গাঁৱত এহাজাৰ বিঘা খাচ মাটি এ পি ডি চি এলক আবন্টন দিয়ে। কিন্তু এই ভূমিখিনি বহুদিনৰে পৰা বেদখল কৰি ১৫৯টা পৰিয়ালে বসবাস কৰি আহিছিল। মহকুমাধিপতি মনোৰঞ্জন পায়েঙে জানিবলৈ দিয়া মতে, প্ৰশাসনে একাধিকবাৰ কোৱা সত্ত্বেও পৰিয়ালকেইটাই এইখিনি ভূমিৰ পৰা আঁতৰি যোৱা নাছিল। ইফালে, প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ সময় সমাগত। এনে সন্ধিক্ষণত উপায়হীন হৈ প্ৰশাসনে আজি বৃহৎসংখ্যক আৰক্ষীৰ দল লৈ গাঁওখনত যুদ্ধকালীন তৎপৰতাৰে উচ্ছেদ অভিযান আৰম্ভ কৰে। দলটোৱে লগত লৈ যোৱা দুখন জেচিবিৰে এফালৰ পৰা ঘৰ-বাৰী উচ্ছেদ কৰিবলৈ আৰম্ভ কৰে। ইফালে, ইংৰাজী নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত নিজৰ সপোনৰ ঘৰখন তচনচ হ’বলৈ ধৰাত মহিলাসকলে হিয়া ঢাকুৰি কান্দিবলৈ লয়। অবশ্যে বিয়লিলৈকে চলা আজিৰ উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সামৰণি পৰে।
প্ৰেৰক সমৰেশ শীল শৰ্মা