নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ : ‘ভাৰত জন বিজ্ঞান যাত্ৰা’ কাৰ্যসূচীৰ অংশ হিচাপে তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিলৈ অহা ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী কাৰ্যসূচীৰ আজি সামৰণি পৰে ৷ বিজ্ঞানক জনমুখী কৰি তোলা, ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে ওদালগুৰি জিলা জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল এই কাৰ্যসূচী । খাগাৰা উচ্চ মাধ্যমিক বিদ্যালয়, ঠাকুৰীয়াপাৰা হাইস্কুলকে ধৰি জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আজি পশ্চিম শিলপোতা হাইস্কুলত কাৰ্যসূচীৰ অন্ত পৰে। এই কাৰ্যসূচীত বিজ্ঞানৰ বিভিন্ন যন্ত্ৰ-আহিলা ছাত্ৰ-ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰে বিজ্ঞানী ড° মনোজ পাটোৱাৰীয়ে । শব্দ প্ৰদূষণ জোখা যন্ত্ৰ, ডেচিবেল যন্ত্ৰ, কথা কোৱা ৰবট, অভিকেন্দ্ৰিক বলৰ পৰীক্ষা, পোহৰৰ প্ৰতিফলন যন্ত্ৰ, গ্ৰহসমূহৰ ভৰ নিৰ্ধাৰণ কৰা যন্ত্ৰ, চুম্বকীয় আৱেগ প্ৰতিফলন যন্ত্ৰ ইত্যাদি বিজ্ঞানভিত্তিক তথ্যচিত্ৰ আদি ছাত্ৰ-ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰি বুজাই দিয়ে বিজ্ঞানীগৰাকীয়ে। সামৰণিৰ দিনটোত পশ্চিম শিলপোতা হাইস্কুলত বিভিন্ন শিক্ষানুষ্ঠানৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত বিজ্ঞানীগৰাকীক সহযোগ কৰে ওদালগুৰি জিলা জ্ঞান বিজ্ঞান সমিতিৰ সভাপতি গজেন্দ্ৰ বৰুৱা আৰু সচিব দ্বীপেন ডেকাই । কাৰ্যসূচীৰ প্ৰাকক্ষণত বিজ্ঞানী ড° মনোজ পাটোৱাৰী সমন্বিতে অতিথিসকলক ফুলাম গামোচাৰে আদৰণি জনায় বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লংকেশ্বৰ বৈশ্যই ।
প্ৰেৰক ধীৰেন মহলীয়া