নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছ ব্যৱসায়ীক খেদি খেদি আটক লখিমপুৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ লখিমপুৰ জিলাত ড্ৰাগছ ব্যৱসায়ী, জালনোট, নকল সোণ, ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈ বহুজনক ৰঙা ঘৰলৈ প্ৰক্ষেপ কৰাৰ পাছতো একাংশ ড্ৰাগছ ব্যৱসায়ী, নকল সোণৰ ব্যৱসায়ীয়ে যেন এইবোৰলৈ কোনো ভ্ৰূক্ষেপই কৰা নাই৷ লখিমপুৰ জিলাৰ লালুক চি আই দিপাংকৰ বৰা, লালুক থানাৰ অ চি হিৰকজ্যোতি লাহন, বঙালমৰা আৰক্ষী চকীৰ আই চি গৌৰৱ ভুমিজে যুটীয়াভাৱে অভিযান চলাই নিশা আন্ধাৰত ড্ৰাগছ ব্যৱসায়ীৰ পিছ লৈ বিহপুৰীয়াত গৈ তিনি ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ সন্দৰ্ভত লালুক চি আই দিপাংকৰ বৰাই জানিবলৈ দিয়া মতে গোপন সুত্ৰৰ পম খেদি অৰুনাচল প্ৰদেশৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ লালুকলৈ অহা এটা চক্ৰক আৰক্ষীৰ দলটোৱে কৰায়ত্ত কৰি কৌশলেৰে ড্ৰাগছ বেপাৰী কেইটাক লালুকলৈ মাতে৷ ড্ৰাগছ ব্যৱসায়ীকেইটাই অৰুনাচলী লোক কেইজনক বিভিন্ন ঠাইলৈ মাতি মাতি শেষত বিহপুৰীয়াৰ নগৰৰ বদতি পথত নিশা আন্ধাৰত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ধৰ্মেন্দ্ৰ পেগু (২৬), ভৱেশ  দলে (৩২) আৰু অক্ষয় পেগু (২৫)ৱে স্কুটীৰে আহি অৰুনাচলী লোককেইজনক ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতে তিনিওটাই আৰক্ষীৰ জালত পৰে৷ আৰক্ষীয়ে স্কুটী খনৰ পৰা ১০টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ উদ্ধাৰ কৰে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে৷ ইয়াৰে ধৰ্মেন্দ্ৰ পেগু লালুক থানাৰ অন্তৰ্গত হাৰমতীৰ গোলাজুলি আৰু ভৱেশ দলে  আৰু অক্ষয় পেগু বিহপুৰীয়া থানাৰ অন্তৰ্গত দেওঘৰীয়াৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষীৰ দলটোৱে তিনিওটা ড্ৰাগছ ব্যৱসায়ীক বিহপুৰীয়া থানাত চমজাই দিয়া বুলি জানিবলৈ দিছে৷
প্ৰেৰক মৃদুল ফুকন
You might also like