নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ছমৰীয়া পুঠিমাৰীত অবৈধভাৱে নৈৰ বালি খনন কৰি বিক্ৰীৰ বাবে ৰখা খাচা (থূপ) ভাঙিবলৈ সক্ষম হয় বন বিভাগৰ লোকে | বনাঞ্চলিক বিষয়া শিৱাশিস চাণ্ডিল্যৰ নেতৃত্বত বুধবাৰে আবেলি পৰত যোৱা দল এটাই এই অবৈধ বালি চিণ্ডিকেটৰ খবৰ পাই অতৰ্কিতে অভিযান চলায় আৰু বিশাল আকাৰৰ খাচা ভাঙিবলৈ সক্ষম হয় | জেচিবিৰ সহায়ত থূপাই থোৱা বালিৰ দ’ম ভাঙে বন বিভাগৰ দলটিয়ে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস