নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ জোনাকী ছমহীয়াআটী আদৰ্শ উঃ মাঃৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মাজুলীৰ অগ্ৰণী শিক্ষানুষ্ঠান জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠান আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পূৱাৰ ভাগত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে অঞ্চলটোৰ জেষ্ঠ সমাজকৰ্মী ধনীৰাম দত্তই। স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিষ্ণু প্ৰসাদ দেউৰীয়ে। ইয়াৰ পিছতে সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সদ্য প্ৰাক্তন সভাপতি গনেশ চন্দ্ৰ হাজৰিকাই। বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ বিৰিঞ্চি কুমাৰ শইকীয়াই। লগতে সোণালী জয়ন্তী উৎসৱৰ প্ৰাকক্ষণত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মৰত শিক্ষক, প্ৰাক্তন ছাত্ৰ তথা স্থানীয় ৰাইজৰ সহযোগত ৫০ খন পতাকা উত্তোলন বিদ্যালয়ৰ প্ৰাংগনত উত্তোলন কৰা হয়। ইয়াৰ পিছতে বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমৃদ্ধ শোভাযাত্ৰাটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা যায়। দুপৰীয়াৰ ভাগলৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যালয় বিষয় শিক্ষক গুণকৃষ্ণ কোচ আৰু উদযাপন সমিতিৰ সম্পাদক পংকজ খনিকৰে আঁত ধৰা অনুষ্ঠানটি নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত, নাহৰ দেৱদাৰুৰ তলত অস্থায়ী মঞ্চত অনুষ্ঠিত কৰা হয়।অনুষ্ঠানটিৰ শেষত সন্ধিয়াৰ ভাগলৈ ৫৫০ গছি বন্তি প্ৰজ্বলনেৰে সোণালী জয়ন্তী প্ৰতীক অংকন কৰা হয়। বন্তি প্ৰজ্বলনৰ জৰিয়তে প্ৰতীক অংকন কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা যায়। আজিৰ অনুষ্ঠানটিত সহস্ৰাধিক লোকৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰা দেখা যায়।

প্ৰেৰক ৰূপজ্যোতি বৰা

You might also like