নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাক্ষাদ্বীপত স্নোৰকেলিং প্রধানমন্ত্রী মোদীৰ

সাগৰ তীৰত প্রাতঃভ্রমণৰ সৌন্দর্যত বিমোহিত মোদী

বাৰ্তা ডিজিটেল ডেস্ক, ৪ জানুৱাৰীঃ সাগৰতলীৰ প্রৱাল প্রাচীৰ আৰু সাগৰীয় জীৱৰ আলোকচিত্র প্রচাৰেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লাক্ষাদ্বীপত স্নোৰকেলিঙৰ অভিজ্ঞতাৰ বর্ণনাই সামাজিক মাধ্যমত চর্চাৰ বিষয় হৈ উঠিছে৷ প্রধানমন্ত্রী মোদীয়ে স্নোৰকেলিঙৰ জৰিয়তে সাগৰতলীত ভ্রমণ কৰি সাগৰীয় উদ্ভিদ আৰু জীৱ প্রত্যক্ষ কৰাৰ চাক্ষুক অভিজ্ঞতাক অবিস্মৰণীয় বুলি উল্লেখ কৰি আজি সামাজিক মাধ্যম ‘এক্স’ত প্রধানমন্ত্রীগৰাকীয়ে লাক্ষাদ্বীপ ভ্রমণৰ সময়ত তেওঁৰ বিভিন্ন কার্যসূচীৰ বিষয়ে আলোকচিত্রসহ সদৰী কৰে৷ কালি লাক্ষাদ্বীপত প্রধানমন্ত্রী মোদীয়ে ১১৫০ কোটিতকৈ অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভণি কৰাৰ পাছত প্রধানমন্ত্রীগৰাকীয়্ লাক্ষাদ্বীপৰ সাগৰৰ পাৰত কিছুসময় কটায়৷ তীৰত প্রাতঃভ্রমণ কৰি প্রধানমন্ত্রী মোদীয়ে নির্মল বতাহ আৰু সাগৰীয় সৌন্দর্য উপভোগ কৰি বিমোহিত হৈ পৰে৷ লাক্ষাদ্বীপত স্নোৰকেলিঙ আৰু সাগৰীয় সৌন্দর্যৰ মাজত প্রধানমন্ত্রী মোদীৰ বিচৰণৰ আলোকচিত্র স্বয়ং প্রধানমন্ত্রীগৰাকীয়ে প্রচাৰ কৰি কয়– লাক্ষাদ্বীপৰ বৈচিত্র্যতাৰ মাজত বিচৰণে ১৪০ কোটি ভাৰতীয়ৰ কল্যাণৰ কাৰণে কঠোৰ পৰিশ্রম কৰিবলৈ উৎসাহিত কৰে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয়– লাক্ষাদ্বীপৰ সাগৰীয় উপকূল প্রকৃতিৰ বৰদান৷ এডভেন্সাৰত উৎসাহীসকলে কিম্বা ইচ্ছুকসকলে লাক্ষাদ্বীপলৈ আহিব পাৰে৷ লাক্ষাদ্বীপৰ ভ্রমণক লৈ প্রধানমন্ত্রী মোদীয়ে কয়– লাক্ষাদ্বীপত থকাৰ সময়ত মই স্নোৰকেলিঙৰ চেষ্টা কৰিছিলোঁ৷ কি যে অপূর্ব অভিজ্ঞতা আছিল৷ লাক্ষাদ্বীপ কেৱল দ্বীপপুঞ্জৰ সমষ্টি নহয়৷ ই হৈছে অক্লান্ত পৰম্পৰাৰ বাহক আৰু জনতাৰ উদ্যমৰ দলীল৷ কেন্দ্রীয় চৰকাৰে লাক্ষাদ্বীপৰ নাগৰিকৰ জীৱন উন্নীত কৰাৰ বাবে প্রাধান্য দি আছে৷ খোৱাপানীৰ পৰা দ্রুততম ইণ্টাৰনেট সেৱা, বিকাশৰ প্রকল্প আদি ৰূপায়ণ কৰিছে৷ এই ভ্রমণৰ সময়ত প্রধানমন্ত্রী মোদীয়ে লাক্ষাদ্বীপৰ আগাতী, বাংগাৰাম আৰু কাৱাৰতীৰ বাসিন্দাৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়৷ এই অঞ্চলকেইটাৰ জনসাধাৰণৰ আতিথ্যত মুগ্ধ হোৱা প্রধানমন্ত্রী মোদীয়ে কয়– লাক্ষাদ্বীপৰ ভ্রমণ আছিল শিক্ষন আৰু উজ্জীৱিত হোৱাৰ ভ্রমণ৷

You might also like