ছোনিয়া গান্ধীক ৰায়বেৰেলী এৰি কৰ্ণাটকৰ পৰা নিৰ্বাচন খেলাৰ প্ৰস্তাৱ
বাৰ্তা ডিজিটেল ডেস্ক, ৪ জানুৱাৰীঃ লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰাজনৈতিক উত্তেজনাৰ মাজতে তেলেংগানা কংগ্ৰেছে ছোনিয়া গান্ধীক লৈ এক প্ৰস্তাৱ গৃহীত কৰিছে। কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক তেলেংগানাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সন্দৰ্ভত এক প্ৰস্তাৱ গৃহীত হৈছে। ইয়াৰ পিছত ছোনিয়া গান্ধীয়ে ৰায়বেৰেলী আসন এৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। তেলেংগানাৰ মেডাক আসনৰ পৰা ছোনিয়া গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি চৰ্চা চলিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও এই আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কংগ্ৰেছ নেতা মধু যক্ষী গৌৰে কয় যে আমি এটা প্ৰস্তাৱ গৃহীত কৰিছো যে ছোনিয়া গান্ধীয়ে তেলেংগানাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে। তেওঁৰ এই প্ৰতিদ্বন্দ্বিতাই দলটোক দক্ষিণ ভাৰতত উপকৃত কৰিব। ছোনিয়া গান্ধী সম্প্ৰতি ৰায়বেৰেলীৰ সাংসদ। ৰায়বেৰেলী আসন কংগ্ৰেছৰ দুৰ্গ হৈ পৰিছে। যোৱা চাৰিটা নিৰ্বাচনত ইয়াৰ পৰাই ছোনিয়াই জয়লাভ কৰি আহিছে। ইয়াত প্ৰতিটো নিৰ্বাচনতে তেওঁ ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰিছে। এই আসনখন ঐতিহাসিকভাৱে কেৱল কংগ্ৰেছৰ হাততহে আছে।