নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিকম্পবিধ্বস্ত জাপানৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ নৰেন্দ্ৰ মোদীৰ

বাৰ্তা ডিজিটেল ডেস্ক, ৫ জানুৱাৰীঃ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদালৈ এখন পত্ৰ লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে নৱবৰ্ষৰ প্ৰথম দিনাই জাপানত সংঘটিত ভয়াৱহ ভূমিকম্পৰ কথা উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে জাপানৰ জনসাধাৰণ আৰু ইয়াৰ চৰকাৰৰ সৈতে সংহতি প্ৰকাশ কৰে। লগতে এই ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালৰ প্ৰতিও শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ফাইনেন্সিয়েল এক্সপ্ৰেছৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে জাপানক এই দুৰ্যোগত সহায় কৰিবলৈ ভাৰত সদায় সাজু বুলি জাপানক আশ্বাস দিয়ে। জাপানত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ বাবে তাত বহু অট্টালিকা তাচপাতৰ দৰে ভাঙি গৈছিল, যাৰ ফলত বহু ক্ষতি হৈছিল। আজিপৰ্যন্ত এই ভূমিকম্পত ৯২জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৪০জনতকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। নিৰুদ্দেশ হোৱা লোকৰ সন্ধান অব্যাহত আছে। এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰীয়ে। ঘৰ ভাঙি যোৱাৰ বাবে তেওঁলোকৰ ধ্বংসাৱশেষ ৰাজপথলৈ আহিছে। ইয়াৰ বাবেই উদ্ধাৰ কৰ্মীসকলে উদ্ধাৰৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈছে। জাপানত ভূমিকম্পৰ লগে লগে ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হয়। জাপানৰ টয়মা প্ৰিফেকচাৰত হোৱা ভূমিকম্পৰ পিছত প্ৰচণ্ড ঢৌৱে সাগৰৰ পাৰত আঘাত হানে। ছুনামিৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি ইছিকাৱাৰ উপকূলীয় অঞ্চলৰ লোকসকলক ঘৰৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল।

You might also like