নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-পঞ্জীয়ক অবিহনেই চলিছে শিৱসাগৰৰ এটা কাৰ্যালয়

🔴চৰকাৰে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ

🔴চৰম দুৰ্ভোগৰ সন্মুখীন শ শ পৰিয়াল

🔴স্থবিৰ হৈছে বিবাহ পঞ্জীয়ন প্ৰক্ৰিয়া

🔴মাটি কিনা-বেচা প্ৰক্ৰিয়াটো বহু বেমেজালিৰ সন্মুখীন ৰাইজ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্য্যালয় সংলগ্ন এটা গুৰুত্বপুৰ্ণ বিভাগৰ মূল বিষয়া গৰাকী নোহোৱাকৈয়ে চলি থকাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ভূমি ক্ৰয়-বিক্ৰয়ৰ লগতে বিবাহ সম্পৰ্কীয় পঞ্জীয়নৰ কাম-কাজ সমূহ সম্পাদন হোৱা উপ পঞ্জীয়ক আৰু জিলা বিবাহ বিষয়াৰ কাৰ্য্যালয়ৰ মূল উপ পঞ্জীয়ক গৰাকী নথকাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷ আন নালাগে বছৰ বছৰ জুৰি ৰহস্যজনকভাৱে উপ পঞ্জীয়ক নোহোৱাকৈয়ে এটা গুৰুত্বপুৰ্ণ কাৰ্য্যালয় চলি থকাৰ ঘটনাই সাধাৰণ ৰাইজৰ চকু কঁপালত তুলাৰ লগতে চৰম দুৰ্ভোগ ভূগিছে সাধাৰণ ৰাইজে ৷ পৰিণতিত মাটি কিনা-বেচা প্ৰক্ৰিয়া প্ৰায় স্থবিৰ হৈ পৰাৰ ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগীয়া হৈছে ৷ একে সময়তে বিবাহ পঞ্জীয়ন প্ৰক্ৰিয়াও অনুৰূপ ধৰণে স্থবিৰ হোৱাৰ ফলত আংশিক ৰাজহ হেৰুৱাব লগীয়া হৈছে চৰকাৰে ৷ ইয়াৰোপৰি বিবাহ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ নোহোৱাৰ ফলত বিদেশ ভ্ৰমণৰ ক্ষেত্ৰটো যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, চাব ৰেজিষ্টাৰ আৰু বিবাহ বিষয়াৰ কাৰ্য্যালয় হিচাবে পৰিচিত এই বিভাগটো সচৰাচৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সংলগ্ন হৈ থাকে৷ যিটো বিভাগত মাটি বাৰী বিক্ৰিৰ প্ৰক্ৰিয়া সম্পাদন হোৱাৰ লগতে বিবাহ পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পাদন কৰা হয়৷ ভূক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি শিৱসাগৰ জিলাত দীৰ্ঘ সময় ধৰি ডেপুটী ৰেজিষ্টাৰ শীৰ্ষক বিষয়া গৰাকী নাই ৷ ইয়াৰ পৰিৱৰ্তে বছৰ বছৰ ধৰি আয়ুক্ত কাৰ্য্যালয়ৰ এগৰাকী সহকাৰী আয়ুক্তক এই দায়িত্ব অৰ্পণ কৰি কাম কাজ চলাই থকা হৈছে ৷ যাৰ বাবে দিনটোত দহৰ পৰা পোন্ধৰতা বিক্ৰিৰ প্ৰক্ৰিয়া সম্পাদন হবলগীয়া কাৰ্য্যালয়টোত মাত্ৰ এটা বা দুটা বিক্ৰিৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে ৷ ইফালে অসমীয়া বহাগ মাহৰ পুৰ্বে বহু সাধাৰণ পৰিয়ালে পুত্ৰ-কণ্যাৰ বিবাহৰ বাবে সাঁচতীয়া অকমাণ মাটি বিক্ৰি কৰি বিয়াৰ যা-যোগাৰ কৰে৷ কিন্তু বিষয়া বিহীন ডেপুটি ৰেজিষ্টাৰৰ কাৰ্য্যালয়ত মাটি কিনা-বেচা প্ৰক্ৰিয়া আচৰিত ধৰণে লেহেমীয়া গতি হোৱাৰ ফলত বিয়াৰ প্ৰস্তুতি চলোৱা পৰিয়াল সমুহে মূৰে কঁপালে হাত দিব লগীয়া হৈছে ৷ আনহাতে আনুষ্ঠানিক বিবাহ সম্পন্ন হোৱাৰ পিছতো বিবাহ পঞ্জীয়কৰ কাৰ্য্যালয়ৰ প্ৰমাণ পত্ৰ খন বৰ্তমানৰ সমাজ ব্যৱস্থাত এক গুৰুত্বপুৰ্ণ দলিল হিচাবে পৰিগণিত হৈ আহিছ ৷ কিন্তু বিষয়া নথকা বিভাগটোৰ পৰা যথা সময়ত বিবাহ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ লাভ নকৰাৰ ফলত বহু নৱ বিবাহিত দম্পতিৰ অধ্যায়ন সম্পৰ্কীয় বিদেশ ভ্ৰমণ বাতিল কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ আনহাতে দূৰ্ঘটনা জনিত বা দুৰাৰোগ্য ৰোগৰ উন্নত চিকিৎসাৰ বাবেও বিভিন্ন সময়ত বহু পৰিয়ালে মাটি বাৰী বিক্ৰী কৰি চিকিৎসা ল’বলৈ অসমৰ বাহিৰলৈ গৈ চিকিৎসা গ্ৰহণ কৰিবলৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হয়। তেনে পৰিস্থিতিত স্থায়ী ডেপুটি ৰেজিষ্টাৰ নথকাৰ বাবে মাটি বিক্ৰীৰ ক্ষেত্ৰত পলম হোৱাত বিনা চিকিৎসাই মৃত্যুক আকোৱলি ল’বলগীয়া হৈছে। একে দৰে দূৰ্ঘটনাত পতিত হোৱা লোকোৰো উন্নত চিকিৎসা লাভৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে টকাৰ অভাৱত। ফলত চিৰ দিন বাবে পঙ্গুত্ব অভিশপ কঢ়িয়াই ফুৰিব লগীয়া হৈছে। উল্লেখ্য পুৰ্ণকালীন বিষয়া নথকাৰ ফলত সহকাৰী আয়ুক্তক এনে দায়িত্ব অৰ্পন কৰাৰ ফলত তেনে বিষয়াই আইন শৃংখলা আদিকে ধৰি বহু বিষয় চোৱা চিতা কৰিব লগীয়া হোৱাৰ বাবে উক্ত বিভাগৰ দায়িত্ব সম্পুৰ্ণ সময় দিব নোৱাৰে ৷ ফলশ্ৰুতিত মাটি বাৰীৰ কিনা-বেচা, বিবাহ পঞ্জীয়ন ইত্যাদি কাম-কাজ সমুহ মাহৰ পিছত মাহ পিছুৱাই থাকিব লগীয়া হৈছে ৷ সচেতন মহলে প্ৰশাসনিক কাম-কাজৰ সুস্থিৰতা ক্ষ্ৰীপ্ৰ কৰি তুলাৰ স্বাৰ্থতেই স্থায়ী বিষয়া নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহব্বান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like