বাৰ্তা ডিজিটেল ডেস্ক, ৫ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩ৰ অধীনৰ হিট এণ্ড ৰান ব্যৱস্থাৰ বাতিলৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি মটৰ শ্রমিক সংগঠনসমূহে আহ্বান জনোৱা কর্মবিৰতি কার্যসূচীয়ে একপ্রকাৰ অচল কৰি তুলিলে স্বাভাৱিক যাতায়াত ব্যৱস্থাক৷ গাড়ীচালক–কর্মচাৰী কর্মবিৰতিয়ে আজি প্রায় স্তব্ধ কৰি তোলে ৰাজহুৱা যাতায়ত ব্যৱস্থাক৷ দূৰ–দূৰণিলৈ বিভিন্ন প্রান্তৰ পৰা যাবলৈ অহা যাত্রীসমূহেও আজি কর্মবিৰতিৰ বাবে দুর্ভোগ ভুগিবলগীয়া হয়৷ ৰাজহুৱা পৰিৱহন ব্যৱস্থাৰ সামগ্রী কঢ়িয়াই অনা বাহনসমূহো আজি বন্ধ হৈ পৰাত ৰাইজে যথেষ্ট সমস্যাত পৰিবলগীয়া হয়৷ দুই–এক বাহনে ৰাজপথত গাড়ী চলাবলৈ চেষ্টা কৰিছিল যদিও প্রতিবাদকাৰীসকলৰ্ আগ্রাসী মনোভাৱৰ বাবে স্তব্ধ ৰাখিবলগীয়া হ’ল নিজৰ যাত্রা৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ চালকবিৰোধী আইনৰ প্রতিবাদত আজি কর্মবিৰতি কার্যসূচী ঘোষণা কৰা হৈছিল যদিও প্রতিবাদৰ নামত ৰাজ্যৰ বিভিন্ন প্রান্তত লোৱা কার্যসূচীয়ে পর্যায়ক্রমে হিংসাত্মক ৰূপ লোৱাও পৰিলক্ষিত হ’ল৷ অৱশ্যে আৰক্ষী প্রশাসনে কঠোৰভাৱে প্রতিবাদকাৰীক দমন কৰি পৰিস্থিতি নিয়ন্ত্রণলৈ আনে৷ ইয়াৰ মাজতে বৰপেটা জিলাৰ কয়াকুচিত প্রতিবাদকাৰীসকলে ৰাজপথতে টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰে৷ একেদৰে বৰাক উপত্যকাতো আজিৰ প্রতিবাদী কার্যসূচীক লৈ ভীষণ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ’ল৷ কৰিমগঞ্জত প্রতিবাদে ভয়ংকৰ ৰূপ ধৰাৰ পাছত প্রতিবাদকাৰীৰ আক্রমণত আৰক্ষীসহ কেইবাজনো লোক কম–বেছি পৰিমাণে আহত হয়৷ পৰৱর্তী সময়ত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি কৰি বাহনসহ কেইবাজনো প্রতিবাদীক আটক কৰাৰ পাছতে কিছু নিয়ন্ত্রণ হয় হিংসাত্মক পৰিস্থিতি৷ একেদৰে গৌৰীপুৰত প্রতিবাদকাৰীক পৃষ্টভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হোৱাৰ লগতে গোৱালপাৰাৰ ধূপধৰাত আৰক্ষী–প্রতিবাদকাৰী মাজত হোৱা তর্ক যুদ্ধক লৈ তীব্র উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়৷ উজনি অসমৰ ধেমাজিৰ গোগামুখত প্রতিবাদী শ্রমিকে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ পাছত পৰিস্তিতি নিয়ন্ত্রণলৈ আনিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হোৱাৰ লগতে দুজন প্রতিবাদকাৰীক আটক কৰে৷ একেদৰে বান্দৰদেৱাত আৰক্ষীৰে প্রতিবাদকাৰীৰ হতাহতি হোৱাৰ লগতে চিলাপথাৰত উত্তাল প্রতিবাদ সাব্যস্ত কৰে মটৰ শ্রমিক সংগঠনৰ প্রতিবাদকাৰীয়ে৷ দুজন প্রতিবাদকাৰীক এই সন্দর্ভত আতকো কৰে আৰক্ষীয়ে৷ কামৰূপ গ্রাম্য জিলাৰ কমলপুৰৰ কেণ্ডুকোনাত আজি দিনৰ ভাগত প্রতিবাদকাৰীয়ে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে আনন্দ বজাৰত টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰা ৬জন প্রতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে৷ অৱশ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত প্রতিবাদৰ নামত একাংশ সংগঠনৰ সদস্যই উদ্ভণ্ডালি সৃষ্টি কৰাৰ সময়তে গুৱাহাটী মহানগৰীত কোনোধৰণৰ হিংসাত্মক কার্য সংঘটিত নহ’ল৷ শান্তিপূর্ণভাৱে মহানগৰীৰ খানাপাৰা, আইএছবিটি আদি এলেকাত বিভিন্ন সংগঠনে প্রতিবাদ সাব্যস্ত কৰিলে৷ মটৰ শ্রমিক সংগঠনসমূহৰ কর্মবিৰতি কার্যসূচীৰ মাজতে আজি দিনৰ ভাগত খানাপাৰা পৰিৱহন বিভাগৰ আয়ুক্তৰ কার্যালয়ৰ এক বিশেষ বৈঠক অনুষ্ঠিত হয়৷ মটৰ শ্রমিক সংগঠনসমূহৰ বহুসংখ্যক প্রতিনিধিয়ে অংশগ্রহণ কৰা বৈঠকখনত উপস্থিত থাকে পৰিৱহন আয়ুক্ত অংকুৰ জৈন৷ মূলতঃ হিট এণ্ড ৰান আইনখন বাতিলৰ দাবীত আজিৰ বৈঠকখন অনুষ্ঠিত হয়৷ পৰিৱহন আয়ুক্ত অংকুৰ জৈনে সদৰী কৰা মতে, কর্মবিৰতিৰ কথা আনুষ্ঠানিকভাৱে কোনো সংগঠনে চৰকাৰক অৱগত কৰা নাছিল৷ সংবাদ মাধ্যমৰ পৰা পোৱা খবৰৰ ভিত্তিত আজিৰ বৈঠকখন অনুষ্ঠিত কৰা হয়৷ বৈঠকৰ অন্তত চৰকাৰৰ আশ্বাসত সন্তুষ্ট হৈ মটৰ পৰিবহন শ্রমিক সংগঠনসমূহে আজিৰে পৰা জাৰি কৰা ৪৮ ঘণ্টীয়া কর্মবিৰতি সাময়িকভাৱে স্থগিত ৰাখে৷ পৰিৱহন আয়ুক্ত অংকুৰ জৈনে কয় যে আজি দিনৰ প্রায় ১১ বজাৰ পৰাই বিভিন্ন মটৰ শ্রমিক সংগঠনৰ সৈতে পৰিৱহন বিভাগে আলোচনা কৰে৷ প্রতিবাদৰ নামত সাধাৰণ ৰাইজে যাতে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়, সেয়া সংগঠনসমূহক আমি বুজাই দিছোঁ৷ তেওঁলোকৰ যিধৰণৰ দাবী আছিল, সকলোবিলাক আমি শুনিছোঁ৷ লিখিত আঁকাৰে তেওঁলোকক নিজৰ দাবীসমূহ আমাক দিয়াৰ বাবে আহ্বান জনাইছোঁ৷ সকলোখিনি বুজাৰ পাছত ৰাজ্য চৰকাৰে উক্ত দাবীসমূহ উচ্চ পর্যায়লৈ আলোচনাৰ বাবে নিব৷ হিট এণ্ড ৰান আইনখন সন্দর্ভতো পৰিৱহন আয়ুক্ত অংকুৰ জৈনে কয় যে কেন্দ্রীয় গৃহসচিবে উক্ত আইনখন এতিয়াই বলৱৎ নহয় বুলি আমাক লিখিত বিবৃতিযোগে জনাইছে৷ আইনখন ভৱিষ্যতে বলৱৎ হয় যদিও সকলো সংগঠনৰ পৰা মতামত লোৱাৰ পাছতহে চুড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷ পৰিৱহন বিভাগৰ এই মন্তব্যক আদৰণি জনাইছে অল ইণ্ডিয়া ৰোড ট্রেন্সপ’ট ৱার্কার্ছ ফেডাৰেচনৰ সাধাৰণ সম্পাদক বীৰেন শর্মাই৷ সদৌ অসম দিবা–নৈশ (বাছ চালক) সন্থাৰ নেতা ৰূপম দত্তই আজিৰ আলোচনাৰ পাছত ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰক সকলোখিনি সমস্যা অৱগত কৰিব বুলি প্রতিশ্রুতি দিছে৷ আমাৰ উদ্দেশ্য হিট এণ্ড ৰান আইনখন বাতিল কৰা৷ ভাৰতবর্ষৰ কোনো মটৰ শ্রমিক সংগঠনে এই কুখ্যাত আইনখন মানি নলয়৷ চৰকাৰে এতিয়া আমাক প্রতিশ্রুতি দিছে যদিও যদিহে এই প্রতিশ্রুতি নাৰাখে তেন্তে পৰৱর্তী সময়ত আন্দোলন অধিক তীব্রতৰ হ’ব৷ উল্লেখ্য যে আজিৰ আলোচনাত সদৌ অসম মটৰ শ্রমিক যুটীয়া পৰিষদ, অসম মটৰ সেৱা কর্মীৰ সন্মিলিত মঞ্চ, নর্থ–ইষ্ট ট্রাক মালিক কল্যাণ ছ’চাইটী, ট্যুৰিষ্ট পৰিৱহন সন্থাকে ধৰি কেইবাটাও সংগঠনে অংশ লয়৷ সংগঠনসমূহৰ সিদ্ধান্তৰ পাছত কাইলৈ হ’বলগীয়া কর্মবিৰতি প্রত্যাহাৰ কৰা হয়৷ এই মর্মে কাইলৈ পুৱা ৫ বজাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্রান্তৰ সকলো যান–বাহন চলাচল কৰিব৷