নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত চুপাৰি ট্রাকৰ পৰা ধন দাবী কৰি গ্রেপ্তাৰ ৪ কনিষ্টবল

বাৰ্তা ডিজিটেল ডেস্ক, ৬ জানুৱাৰীঃ আৰক্ষীৰ খাকী পোছাকত দাগ লগাই গ্রেপ্তাৰ হ’ল চাৰিজন কনিষ্টবল৷ কেউজনকে কনিষ্টবলক আজি বার্মিজ চুপাৰি ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰা হয়৷ হাইলাকান্দি জিলাৰ বিলাইপুৰ আৰক্ষীয়ে চুপাৰি ট্রাকৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা এই চাৰি কনিষ্টবল হ’ল– সঞ্চয় ৰয়, অসীম সিন্হা, ৰঞ্জিত গোৱালা আৰু মুন্সি মুর্মা৷ আৰক্ষী লোককেইজনৰ ভিতৰত মুন্সি মুর্মা আৰু ৰঞ্জিত গোৱালা কমাণ্ডো বেটেলিয়ন৷ হাইলাকান্দি আদালতে আজি এই চাৰিওজনকে এদিনৰ বাবে আৰক্ষী জিম্মালৈ প্রেৰণ কৰিছে৷ কনিষ্টবলকেইজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৪২,৫০০ টকা জব্দ কৰিছে৷ উল্লেখ্য যে চুপাৰিভর্তি ট্রাকৰ পৰা আৰক্ষীয়ে ধন সংগ্রহ কৰি থকাৰ অভিযোগ দীর্ঘদিনীয়া৷ আনকি আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে আৰক্ষীয়ে ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল৷ আনকি এইক্ষেত্রত বিধায়কজনে আৰক্ষীক তথ্যও দাখিল কৰিছিল৷

You might also like