🔹 ঢকুৱাখনাত উপ-জিলা প্ৰশাসনৰ নিৰ্দেশনাক আদৰণি সচেতন মহলৰ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : ঢকুৱাখনাৰ উপ-জিলাত জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদিৰ চলাচলত নতুন নিয়ম বান্ধি দি এইসমূহ যান-বাহনৰ চলাচলত ঢকুৱাখনা উপ-জিলাৰ অন্তৰ্গত ঢকুৱাখনা পৌৰসভা আৰু ঘিলামৰা এলেকাত সময়সাপেক্ষ নিষেধাজ্ঞাও জাৰি কৰিছে উপ-জিলা প্ৰশাসনে ৷ ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্ত কাৰ্ত্তিক কলিতাই মেম নং ডি এম জে ২/২০১৭ /৪০৫ নং নিৰ্দেশনাযোগে উপ-জিলাখনৰ ঢকুৱাখনা পৌৰ এলেকা আৰু ঘিলামৰা সদৰৰ ৰাজপথৰ লগতে সমগ্ৰ উপ-জিলাখনত সকলো ধৰণৰ ডাম্পাৰ, ট্ৰাক, ট্রেক্টৰ আদিৰ চলাচলত প্ৰতিদিনা পুৱা ৮ বজাৰ পৰা ৯.৩০ বজালৈ আৰু বিয়লি ১ বজাৰ পৰা ৩ বজালৈ নিষেধাজ্ঞা জাৰি কৰিছে ৷ বিশেষকৈ শিক্ষানুষ্ঠানসমূহৰ আৰম্ভণি আৰু ছুটীৰ সময়ত সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত উপ-জিলা আয়ুক্তগৰাকীয়ে জাৰি কৰিছে এই নিৰ্দেশনা। তদুপৰি একেটা নিৰ্দেশনাতে উপ-আয়ুক্তগৰাকীয়ে ট্রেক্টৰ, টেইলাৰ, ট্ৰাক আৰু ডাম্পাৰ আদিৰ যাৱতীয় নথি-পত্ৰ উপলব্ধ হোৱাৰ লগতে মাটি কঢ়িওৱা ট্ৰেক্টৰ-টেইলৰৰ পাছ দুৱাৰ থকাটো বাধ্যতামূলক কৰি অন্যথা এনে বাহনৰ চলাচল নিষেধ কৰি মাটি, শিল-বালি আদি সামগ্ৰী কঢ়িওৱা সময়ত এনেবোৰ বাহনে উক্ত সামগ্ৰী সম্পূৰ্ণ ৰূপে ঢাকি সৰবৰাহ কৰাৰ নিৰ্দেশনাও জাৰি কৰিছে ৷ ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্তগৰাকীয়ে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ জনস্বাৰ্থৰ খাতিৰত গ্ৰহণ কৰা এই ব্যৱস্থাক ঢকুৱাখনাৰ সচেতন মহলৰ লগতে সকলো পক্ষই আদৰণি জনাইছে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি