বিবাহ বার্ষিকীৰ দিনাই দলৰ সদস্যৰ গুলীত নিহত মাফিয়া
🔹 ধনৰ লেনদেনত মতানৈক্য
বিশেষ বাৰ্তা, ৬ জানুৱাৰী : টকাৰ লেনদেনৰ সময়ত সৃষ্টি হোৱা কাজিয়াৰ বাবে পুনেৰ এটা মাফিয়াক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে নিজৰ গোটৰ ঘনিষ্ঠ সদস্যই৷ কালি অপৰাধী চক্রৰ সদস্যসকলৰ সৈতে টকাৰ লেনদেনৰ সময়ত মতানৈক্যৰ সৃষ্টি হয় এই মাফিয়াৰ৷ তেতিয়াই মাফিয়াটোক গুলীয়াই হত্যা কৰে একেটা দলৰ সদস্যই৷ পুনেৰ কোথৰুড়ত সংঘটিত হৈছে এই ঘটনা৷ নিহত মাফিয়াটোৰ নাম শাৰদ মোহল৷ কালি শাৰদৰ বিবাহ বার্ষিকী আছিল৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, নিজৰ গোটৰ এজন সদস্যক লৈ বাহিৰলৈ ওলাই গৈছিল শাৰদে৷ ঘৰৰ পৰা কিছুদূৰ যোৱাৰ পিছতে কেইবাজনো সদস্যই শাৰদক আহি বাট আগচি ধৰে৷ তেতিয়াই এজনে শূন্য দূৰত্বৰ পৰা শাৰদলৈ গুলীচালনা কৰে৷ ঘটনাস্থলীতে শাৰদৰ মৃত্যু হয়৷