🔹 ৰাইজৰ দ্বাৰা উদ্ধাৰ অপহৃতক, তীব্ৰ চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : বিলাসীপাৰা থানাৰ অন্তৰ্গত হাকামাত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৱানিশা দুজন যুৱকক চিনেমাৰ কায়দাৰে অপহৰণ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। আৰক্ষী সূত্ৰই জনোৱা মতে, বিলাসীপাৰাৰ হাকামা নামৰ ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এ এছ-১৮ ডি-৪৯০০ নম্বৰৰ এখন বিলাসী চাৰিচকীয়া বাহনত চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দলে মইনুল হক আৰু বিপ্লৱ ৰায় নামৰ যুৱক দুজনক অপহৰণ কৰে। পিছত যুৱক দুজনক অপহৰণ কৰি ছুৱাপতা তৃতীয় খণ্ড গাঁৱৰ মাজেৰে গৈ থকা অৱস্থাত গাড়ীখনৰ ভিতৰত চিঞৰ-বাখৰ কৰাত ৰাইজে গাড়ীখন খেদি খেদি আটক কৰে। অপহৃতদ্বয়ক উদ্ধাৰ কৰাৰ লগতে এজন অপহৰণকাৰীক আটক কৰে যদিও বাকীকেইটা দুৰ্বৃত্তই নিশাৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। আটক কৰা দুৰ্বৃত্তটো গোৱালপাৰা জিলাৰ চুনাৰী থানাৰ অন্তৰ্গত বামুনেৰ আলগা গাঁৱৰ আফজালুৰ ৰহমান বুলি জানিব পৰা গৈছে। গাড়ীখন আটক কৰাৰ সময়ত স্থানীয় ৰাইজক দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰাত এজন গুৰুতৰভাৱে আহত হয়। পিছত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এদল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তক আটক কৰি থানালৈ আনে। অপহৰণৰ চেষ্টা চলোৱা দুই যুৱকৰ ঘৰ গোৱালপাৰা জিলাত বুলি জানিব পৰা গৈছে। কি কাৰণত যুৱকদ্বয়ক অপহৰণ কৰিছিল, সেয়া অদ্যাপি ৰহস্যৰ আৱৰ্তত । বিলাসীপাৰা থানাৰ আৰক্ষীয়ে পলায়ন কৰা দুৰ্বৃত্তক বিচাৰি অভিযান চলোৱাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।
প্ৰেৰক সমৰেশ শীল শৰ্মা