ড০ লক্ষ্মীনন্দন বৰাক জীৱনজোৰা সাধনা লোকনাথ গোস্বামীক সংগীত সূর্য বঁটা প্রদান
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ অগ্রণী সাংস্কৃতিক অনুষ্ঠান ‘প্রহেলিকা’ই বিগত বর্ষসমূহৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক অসম সূর্য বঁটা–২০২০ প্রদান কৰে৷ এই উপলক্ষে গুৱাহাটীৰ কনকলাল বৰুৱা প্রেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট কথশিল্পী তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাক জীৱনজোৰা সাধনা বঁটা প্রদান কৰে৷ এই অনুষ্ঠানতে বিশিষ্ট ঔপন্যাসিক অনুৰাধা শর্মা পূজাৰীক সাহিত্য মুকুতা বঁটা, শিল্পী লোকনাথ গোস্বামীক সংগীত সূর্য বঁটা, শিল্পী ড০ অণিমা চৌধুৰীক সংগীত ৰত্ন বঁটা, উচ্চপদস্থ আৰক্ষী বিষয়া পার্থসাৰথি মহন্তক অসম আৰক্ষী ৰত্ন বঁটা, লেখিকা মনমৰমী মহন্তক বর্ষশ্রেষ্ঠ ঘোষিকা, বৰষাৰাণী বিষয়াক শ্রেষ্ঠ অভিনেত্রী বঁটা, ভৃগু কাশ্যপ আৰু গীতালী কাকতিক জনপ্রিয় কণ্ঠশিল্পী বঁটা, অতনু ভূঞাক সৃষ্টিশীল সাংবাদিকতাৰ বঁটা, কৃষক লক্ষী দত্তক আদর্শ কৃষক বঁটা, দুলু আহমেদক শ্রেষ্ঠ সমাজসেৱক বঁটা প্রদান কৰা হয়৷ কনকলাল বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত এই বঁটা প্রদান অনুষ্ঠানত প্রবীণ সাংবাদিক ধীৰেন্দ্র নাথ চক্রৱর্তী, সাহিত্যিক তবিউল হুছেইন, কবি নীলিম কুমাৰ, সাহিত্য অকাডেমি বঁটাপ্রাপক বিপুল দেউৰীয়ে আনুষ্ঠানিকভাৱে বিশিষ্ট ব্যক্তিসকলক বঁটা প্রদান কৰে বুলি প্রহেলিকাৰ সভাপতি জয়ন্ত শর্মা আৰু সম্পাদক আলোক বৰুৱাই জানিবলৈ দিছে৷