মূৰত ‘ৰামৰ পাদুকা’ লৈ অযোধ্যালৈ পদযাত্রা
🔹 ৰাম মন্দিৰলৈ আহি আছে হায়দৰাবাদৰ ‘ভৰত’ !
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : ৰাম বনবাসত থকা সময়ত শ্রীৰামচন্দ্রৰ পাদুকা লগত লৈ আহি অযোধ্যাৰ সিংহাসনত বহিছিল ভাতৃ ভৰত৷ অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ মুহূর্তত তেনে এক ভৰতৰ আৱির্ভাৱ হৈছে ভাৰতত৷ দীর্ঘদূৰত্ব খোজকাঢ়ি অতিক্রম কৰি ‘ৰামৰ পাদুকা’ ৰাম মন্দিৰত দিবলৈ যাত্রা আৰম্ভ কৰিছে হায়দৰাবাদৰ বাসিন্দা ছার্লা শ্রীনিৱাস শাস্ত্রীয়ে৷ নিজামৰ চহৰৰ পৰা ১৩০০ কিলোমিটাৰ পথ খোজকাঢ়ি অযোধ্যাত উপস্থিত হ’ব ভৰতৰূপী শ্রীনিৱাস শাস্ত্রী৷ ইতিমধ্যে শাস্ত্রীয়ে মন্দিৰত দান দিবলৈ ১ কোটি ২০ লাখ টকাৰে নির্মাণ কৰিছে সোণৰ পাদুকা৷ ২২ জানুৱাৰীৰ পূর্বে অযোধ্যাত উপস্থিত হৈ ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ হাতত শাস্ত্রীয়ে অর্পণ কৰিব এই পাদুকা৷