চীনত দেশপ্ৰেমিকৰ অভাৱ ! জিনপিং চৰকাৰৰ নতুন আইন
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ হতাশা এতিয়া বিশ্ববাসীৰ সন্মুখত ধৰা দিছে। ইটোৰ পিছত সিটো প্ৰত্যাহ্বানে দেশখনক আগুৰি ধৰিছে। কেতিয়াবা দেশত কৰ্মসংস্থাপনৰ সংখ্যা হ্ৰাস পোৱাৰ বিৰুদ্ধে যুৱক-যুৱতীসকলে প্ৰতিবাদ কৰিছে আৰু কেতিয়াবা অৰ্থনীতিৰ মন্দাৱস্থাৰ বাবে দেশৰ ব্যৱসায়ীসকলে বিদেশৰ ফালে মুখ কৰিছে। টাইৱানৰ সৈতে চীনৰ শত্ৰুতা সকলোৱে জানে। টাইৱানৰ আগন্তুক নিৰ্বাচনেও জিনপিঙৰ মূৰৰ বিষ বৃদ্ধি কৰিছে। এনে সময়তে চীন চৰকাৰে অনুভৱ কৰিছে যে চীনৰ জনসাধাৰণে এতিয়া দেশপ্ৰেমক অগ্ৰাধিকাৰ নিদিয়া হৈছে। চৰকাৰৰ মতে, দেশখনৰ মানুহৰ দেশপ্ৰেমৰ ভাব ক্ৰমাৎ কমি আহিছে, সেয়েহে জিনপিঙৰ চৰকাৰে দেশপ্ৰেমমূলক শিক্ষা আইন কাৰ্যকৰী কৰিবলৈ ওলাইছে। এই আইনখন অহা সপ্তাহৰ পৰা চীনত কাৰ্যকৰী কৰাৰ চিন্তাচৰ্চা চলাইছে। বিদ্যালয়ৰ পাঠ্যক্ৰমত সংযোজন হ’ব দেশপ্ৰেমমূলক আইন। দেশপ্ৰেমমূলক শিক্ষা আইনখনৰ উদ্দেশ্য হৈছে জাতীয় ঐক্য বৃদ্ধি কৰা। এই আইন অনুসৰি সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি সকলো খণ্ডৰ শ্ৰমিক আৰু পেছাদাৰী ব্যক্তিয়ে চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰতি বিশ্বাস দেখুৱাব লাগিব।