🔹 ‘এইকেইদিন ৰাইজক ঘৰত বহি ৰামৰ আৰাধনা কৰাৰ আহ্বান মুখ্যমন্ত্রীৰ’
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জানুৱাৰী : ৰাম মন্দিৰ প্রতিষ্ঠাৰ পিছত ভাৰতত সনাতন সভ্যতাৰ নতুন ইতিহাস আৰম্ভ হ’ব৷- এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এইদৰে মন্তব্য কৰি কয় যে এইকেইদিন ৰামময় হৈ থাকিব লাগে৷ ভাৰত ৰামময়, অসম ৰামময় হৈ থাকিব লাগে। মনটো আধ্যাত্মিকভাৱে পৱিত্র কৰি ৰাখিলেই হ’ল৷ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে অহা ২০ৰ পৰা ২৫ জানুৱাৰীলৈ মুছলমানসকলক ৰে’লযাত্রা নকৰিবলৈ জনোৱা আহ্বান সম্পর্কত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইকেইদিন আৰু ৰে’লযাত্রা কিয় কৰিব লাগে? সকলোৱে ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে৷ ঘৰত ধুনীয়াকৈ অলপ আধ্যাত্মিক হৈ থাকিব লাগে৷ ইমান ডাঙৰ কাম হৈ আছে, মনটোও ভাল লাগিব৷ সেইদৰে আজমলে বিজেপি মুছলমানৰ শত্রু বুলি কৰা মন্তব্য সন্দর্ভতো মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মইনো ক’ত বন্ধু হ’ব খুজিছোঁ? ইপিনে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ন্যায় আমি কৰি আছোঁ৷ অসমত ৰাহুল গান্ধী আহিলে উন্নয়ন দেখি ভাল পাব৷ তেওঁৰ দেউতাক–মাক–আইতাকে যি কৰিব নোৱাৰিলে, সেয়া আমি কৰিছোঁ৷ তেওঁৰ অসম ভ্রমণত কোনো আপত্তি নাই৷ বগীবিল দলং, কলিয়াভোমোৰা দলং চালে আপত্তি কৰিবলগীয়া নাই৷