নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃভাষাক বাদ দি এটা জাতি চহকী হ’ব নোৱাৰে : নৰেশ কলিতা

🔹 নলবাৰীৰ পূবেৰুণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান
নিয়মীয়া বাৰ্তা,  ৭ জানুৱাৰী : “মাতৃভাষা শিক্ষাৰ বাবে জাতীয় বিদ্যালয়সমূহে ইতিবাচক যাত্ৰা আৰম্ভ কৰিছে । ইয়াৰ বিপৰীতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱক সমাজে বিশ্বাসযোগ্যতা হেৰুৱাইছে । মাতৃভাষাৰ প্ৰতি অভিভাৱক সমাজৰ আস্থা-বিশ্বাস গঢ়ি উঠিছে । মাতৃভাষাক বাদ দি এটা জাতি চহকী হ’ব নোৱাৰে।”- এই মন্তব্য ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাৰ । নলবাৰী জিলাৰ বড়িদতৰা গাঁ‌ৱত অৱস্থিত বে-চৰকাৰী শিক্ষানুষ্ঠান পূবেৰুণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ আজিৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ লক্ষ্য বান্ধিব ল’বলৈ আহ্বান জনায় । এই লক্ষ্যত উপনীত হ’বলৈ অধ্যয়নৰ অতি প্ৰয়োজন বুলি উল্লেখ কৰি কলিতাই কয়- মানুহে সপোন দেখিব লাগে আৰু এই সপোন বাস্তৱ কৰাৰ বাবে জীৱনত কষ্ট কৰিব লাগে । একাগ্ৰতা প্ৰদৰ্শন, অধ্যয়নৰ পৰিস্থিতিৰ সৈতে যুঁ‌জ দিয়াৰ বাবে শিক্ষাৰ্থীসকলক সাহসী হ’বলৈ কৈ তেওঁ‌ কয়- শিক্ষক সমাজে পাঠদানৰ উপৰি মনস্তাত্ত্বিক যাত্ৰাত জাগৰণ আনিব লাগিব । শিক্ষক হ’বলৈ অকল মেধাসম্পন্নৰ প্ৰয়োজন নহয় বুলি উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই কয় যে শিক্ষাৰ্থীৰ মনৰ কথা বুজিব পাৰিব লাগিব । গ্ৰামাঞ্চলত ১৯৯৯ চনতে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি ৰূপালী জয়ন্তী আয়োজন কৰাটো সমাজৰ বাবে এক শুভ লক্ষণ বুলি তেওঁ‌ মন্তব্য কৰে । ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি ডাঃ পুতুল মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ অধ্যক্ষ হৰেন্দ্ৰ নাথ শৰ্মাই । দিনৰ ২.৩০ বজাত বিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত হোৱা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অৰূপজ্যোতি দাসে আঁ‌ত ধৰা সভাখনৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এটি সমৱেত সংগীত পৰিৱেশন কৰা হয় । সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে কয়- বৰ্তমান শিক্ষাৰ ৰূপান্তৰ হৈছে । দৰিদ্ৰতাই শিক্ষাৰ শেষ কথা নহয় বুলি উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিক হুছেইনে সম্প্ৰতি সমাজত নেতৃত্ব দিয়া মানুহৰ অভাৱ হৈছে বুলি কয় । বৰ্তমান চৰকাৰী বিদ্যালয়, জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনক লৈ তিনিটা স্তৰত শিক্ষাদান চলি আছে যদিও চৰকাৰী স্তৰটি অতি দুৰ্বল হৈ পৰিছে বুলি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে মন্তব্য কৰে । নিজৰ ভাষাৰে বিশ্ব জয় কৰিব পাৰি বুলি কৈ তেওঁ‌ পুনৰ কয়- দৰিদ্ৰতাক মানুহে জয় কৰিব লাগিব । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই অসমৰ শৈক্ষিক ক্ষেত্ৰখনত জাতীয় বিদ্যালয়ৰ যাত্ৰা সম্পৰ্কে বক্তব্য প্ৰদান কৰে । অসমত মাতৃভাষাৰ বাবে জাতীয় বিদ্যালয়সমূহে অহৰহ কাম কৰি আহিছে বুলিও তেওঁ‌ কয় । এই ক্ষেত্ৰত পূবেৰুণ জাতীয় বিদ্যালয়খনেও ভাল কাম কৰি আছে বুলি শৰ্মাই মন্তব্য কৰে। সভাত জাতীয় বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গুণেশ্বৰ কলিতা, বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, বনভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ কলিতা, উদযাপন সমিতিৰ মুখ্য সম্পাদক জীৱন কলিতা, সম্পাদক লুটফুৰ ৰহমানকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ মাজত অন্তৰংগ আলাপ, সতীৰ্থৰ সজল স্মৃতি, মাৰাথান দৌৰ, বিশেষ সম্বৰ্ধনা, সাংস্কৃতিক শোভাযাত্ৰা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like