নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত অ’বিবি শিক্ষকৰ সমস্যাক লৈ নাগৰিক সভা

🔹 দীৰ্ঘদিনীয়া সমস্যাটি শীঘ্ৰে সমাধান হ’ব লাগে : বাসৱ কলিতা
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : নলবাৰী জিলা অ’ বি বি শিক্ষক সন্থাৰ দীৰ্ঘদিনীয়া সমস্যাটি সমাধানৰ দাবীত নলবাৰী শ্বহীদ ভৱন চৌহদত আজি জিলা ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয় । দিনৰ ১১.৩০ বজাত বিশিষ্ট শিক্ষাবিদ ফণীধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাসে আদৰণী ভাষণ দিয়ে। অ’বিবি নলবাৰী জিলা সন্থাৰ সাধাৰণ সম্পাদক কমল চন্দ্ৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আঁ‌ত ধৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰোজুদ্দিন আহমেদে । নাগৰিক সভাত উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতাই নলবাৰী জিলাৰ অ’বিবি শিক্ষকৰ সমস্যাটি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় । এইসকল শিক্ষকৰ বাবে কোনো ডি এল এড বা বি এড আদি কাৰণ দেখুৱাব নালাগে বুলিও কলিতাই কয় । এই দীৰ্ঘদিনীয়া সমস্যাটি শীঘ্ৰে সমাধান হ’ব লাগে বুলি তেওঁ‌ মন্তব্য কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱাই কয়- এইসকল বঞ্চিত শিক্ষকৰ দুখ আৰু বেদনাৰ সীমা নাই। শিক্ষকৰ চাকৰিটোৰ আশাত বহুতৰে বয়স পাৰ হৈ গৈছে। বহু দুখত দিন কটাই থকা অ’বিবি শিক্ষকসকলৰ সমস্যাটো এতিয়া নলবাৰীৰ সমস্যা হৈ থকা নাই, ই অসমৰ সমস্যা হৈ উঠিছে । সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মাই এই দীৰ্ঘদিনীয়া সমস্যাটি সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় । এইসকল শিক্ষকৰ পৰিয়ালৰ প্ৰতি চাই চৰকাৰে সমস্যাটি সমাধান কৰিব লাগে । নাগৰিক সভাখনত উপস্থিত থাকি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদকপ্ৰধান ৰাতুল গোস্বামীয়ে  কয়-নলবাৰীৰ অ’বিবি শিক্ষকসকলে বহু আৰ্থিক সমস্যাত ভুগি জীৱন নিৰ্বাহ কৰি আছে । এইসকল দুৰ্ভগীয়া শিক্ষকৰ পৰিয়ালসমূহৰ মুখলৈ চাই চৰকাৰে চাকৰিসমূহ নিয়মীয়া কৰিবলৈ আহ্বান জনায় । সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ প্ৰধান সম্পাদক লোহিত ডেকাই কয়- শিক্ষকৰ সমস্যাটো শিক্ষক হিচাপেই চৰকাৰে সমাধান কৰিব লাগে । ইয়াক দায়িত্ব সহকাৰে সমাধান কৰা উচিত বুলি বিশিষ্ট শিক্ষাব্ৰতী ডেকাই কয় । এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আগভাগ ল’বলৈ তেওঁ‌ আহ্বান জনায় । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ভৱেশ কাকতিয়ে অ’বিবি শিক্ষকৰ সমস্যাটো সমাধান কৰিবলৈ চৰকাৰক অনুৰোধ কৰে । এইসকল দুৰ্ভগীয়া শিক্ষকৰ চাকৰিৰ বয়স শেষ হ’বলৈ ধৰিছে বুলিও যুৱ নেতাগৰাকীয়ে কয় । সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা, সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন, জিলাখনৰ ভালেমান দল-সংগঠনৰ প্ৰতিনিধিয়ে উপস্থিত থাকি এই সমস্যাটো সমাধানৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক আহ্বান জনায়।  হতাশ হৈ পৰা নলবাৰীৰ শিক্ষিত যুৱকখিনিক চৰকাৰে গুৰুত্ব দিয়ক বুলি উল্লেখ কৰি চাকৰিসমূহ নিয়মীয়া কৰিবলৈ আহ্বান জনায় । নাগৰিক সভাত এই দীৰ্ঘদিনীয়া সমস্যাটি সমাধানৰ বাবে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণৰ প্ৰস্তাৱ লোৱা হয় । ইয়াৰ উপৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৃষ্ঠপোষকতাত অবিভক্ত নলবাৰী জিলাৰ মন্ত্ৰী-বিধায়ক, দল-সংগঠন, বিশিষ্ট নাগৰিকৰ উপস্থিতিত ভোগালী বিহুৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ প্ৰস্তাৱ আৰু নাগৰিক সভাখনত উপদেষ্টা হিচাপে কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতাকে ধৰি আন আন ৰাজ্যিক সংগঠনৰ সভাপতি-সম্পাদকক অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে । সভাৰ আগমুহূৰ্তত শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰোজুদ্দিন আহমেদ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতাই।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like