নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰৰ জ্যেষ্ঠ সাংবাদিক ফাৰহাদ আহমেদলৈ জাফাৰ এচিভাৰ এৱাৰ্ড

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : গুৱাহাটীত কালি জাফা অৰ্থাৎ জাৰ্নেলিষ্ট এছচিয়েচন ফৰ আছামৰ Achiever Award প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । কেইবাটাও শিতানত প্ৰদান কৰা হয় এই বঁটা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ফাৰহাদ আহমেদক গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। ৰাজ্যখনৰ ২১গৰাকী গ্ৰাম্য সাংবাদিকক এই বঁটা প্ৰদান কৰা হয়। জাফাৰ বঁটা বিতৰণী সভাত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই নিজ হাতে সাংবাদিক ফাৰহাদ আহমেদক গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰে। লক্ষণীয় যে সাংবাদিক ফাৰহাদ আহমেদে ২০০০ চনৰ পৰা বাতৰিকাকতৰ সাংবাদিক হিচাপে, ২০০৯ চনৰ পৰা ছেটেলাইট চেনেল নিউজ লাইভকে ধৰি বিভিন্ন সংবাদ মাধ্যমত কাম কৰিছে। সাংবাদিকতাৰ ২৩ বছৰীয়া সময়ছোৱাত সাংবাদিকগৰাকীে নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে। ২০২৩ চনৰ জাফা এচিভাৰ এৱাৰ্ডৰ অন্যতম প্ৰাপক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰাত উৎসাহিত হৈ পৰে সাংবাদিক ফাৰহাদ আহমেদ। সাংবাদিকগৰাকীয়ে কয়- এই সন্মানে মোৰ বাবে এক বিশেষ তাৎপৰ্য বহন কৰে, কিয়নো ই আমাৰ ৰাজ্যৰ গ্ৰাম্য সাংবাদিকসকলৰ প্ৰচেষ্টা আৰু অৱদানক স্বীকৃতি দিয়ে। এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱা ২১গৰাকী গ্ৰাম্য সাংবাদিকৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা নিৰ্বাচিত হোৱাত মই আনন্দ অনুভৱ কৰিছোঁ। এই স্বীকৃতি মোৰ বৃত্তিটোত বছৰ বছৰ ধৰি যি নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম কৰিছোঁ, তাৰেই প্ৰমাণ। মোক বঁটা প্ৰদান কৰা বাবে জাফাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like