ভৱানীপুৰত জ্যেষ্ঠ নাগৰিকৰ আইন প্ৰণয়নৰ সজাগতা সভা সম্পন্ন
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী : “ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক সপোন হৈছে ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে শ্ৰেষ্ঠ দেশৰূপে গঢ়ি তোলাৰ। ২০৪৭ চনৰ পূৰ্বে ভাৰতবৰ্ষ অৰ্থনৈতিকভাৱে শ্ৰেষ্ঠ দেশ হ’ব লাগিব।ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে শ্ৰেষ্ঠ দেশৰূপে গঢ়ি তুলিবলৈ সকলো পক্ষয়েই সমৰ্পিতভাৱে কাম কৰিব লাগিব। ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ নাগৰিকে নিজৰ নিজৰ ক্ষেত্ৰত সৱলৰূপত কৰ্ম সম্পাদন কৰিব লাগিব।দেশৰ সৰ্বস্তৰৰ নাগৰিকে সৱলভাৱে কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগিব। প্ৰতি গৰাকী ভাৰতীয় নাগৰিকে নিজৰ দেশ-জাতিৰ বাবে কাম কৰিব লাগিব।”- এইদৰে কয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ভৱানীপুৰত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰণয়ন হোৱা আইন আৰু ইয়াৰ আধাৰত জ্যেষ্ঠ নাগৰিকে পাৱলগীয়া সুবিধা সম্পৰ্কীয় এখন সজাগতা সভাত মুখ্য অতিথিৰ ভাষণত। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁৰ ভাষণত অসম চৰকাৰৰ সামাজিক ন্যায় সৱলীকৰণ বিভাগে জ্যেষ্ঠ নাগৰিকৰ বাবে গ্ৰহণ কৰা আঁচনিৰ ওপৰত বাখ্যা কৰে।সজাগতা সভাত বিশিষ্ট অতিথিৰ ভাষণত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে কয় যে “জ্যেষ্ঠ নাগৰিক সমাজৰ এক অলংকাৰ। জ্যেষ্ঠ নাগৰিকসকল সমাজৰ অতি আদৰৰ।আজিৰ জ্যেষ্ঠ নাগৰিক সকলে দৈনন্দিন জীৱন যাত্ৰাত কৰি অহা সৎ কৰ্মৰাজি, ব্যক্তিত্ব, প্ৰতিভা, সামাজিকভাৱে আগবঢ়োৱা অৱদানক অনুকৰণ কৰি নৱ প্ৰজন্মই আগুৱাই যাব লাগিব”। ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত অনুষ্ঠিত হয় সজাগতা সভাখন।অলংকৃতা চৌধুৰীয়ে আত ধৰা,জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সভাপতি বাবুল ডেকাই আদৰণি ভাষণ দিয়া সজাগতা সভাত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ,অসমৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়াই প্ৰস্তাৱনা ভাষণ দিয়ে।জ্যোষ্ঠ নাগৰিক কল্যাণ পৰিষদ,অসমৰ সাধাৰণ সম্পাদক প্ৰসন্ন বৰঠাকুৰে নিৰ্দিষ্ট বিষয়ৰ ওপৰত বহল বাখ্যাৰে বক্তৃতা প্ৰদান কৰা সজাগতা সভাত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মা,জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ,অসমৰ সদস্য ৰেখা শৰ্মা বৰুৱা,মুদাচ্ছাৰ নজৰ হুছেইন,ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাজেন্দ্ৰনাথ তালুকদাৰ, ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বায়ন, বিশিষ্ট সমাজকৰ্মী কাবেন ডেকা,জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বজালী জিলা সমিতিৰ সভাপতি অনিল কুমাৰ দাস,ভৱানীপুৰ আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি সতীশ ডেকা,সম্পাদক পুলকানন্দ তালুকদাৰৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে।সভাৰ সামৰণি ভাষণ দিয়ে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ,অসমৰ উপাধ্যক্ষ অশোক বৰঠাকুৰে। উল্লেখ্য যে সভাত সাহিত্য, সংস্কৃতি, শিক্ষা, কৃষি, সামাজিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা ছয় গৰাকী জ্যেষ্ঠ নাগৰিক ক্ৰমে ড° অমিয়া মহন্ত, ফটিক চন্দ্ৰ তালুকদাৰ, চত্ৰধৰ তালুকদাৰ, কৃষ্ণকান্ত নাথ, সদানন্দ ডেকা, হৰেকৃষ্ণ বৈশ্যক জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ তৰফৰ পৰা মানপত্ৰ, ফুলাম গামোছা, ফুলাম জাপিৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সজাগতা সভাৰ স’তে সংগতি ৰাখি জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য পৰামৰ্শ শিবিৰো অনুষ্ঠিত হয়।
প্ৰেৰক ভূষণ তালুকদাৰ