নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনত বিজেপিয়ে ১২খন আসন লাভ কৰিব : পবিত্ৰ মাৰ্ঘেৰিটা

ৰাহুল গান্ধীৰ অসম ভ্ৰমণ এজন ৰাজনৈতিক পৰ্যটক
ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৫০০ শতাংশ পৰ্যটকৰ সংখ্যা বৃদ্ধি

বাৰ্তা ব্যুৰ’, তেজপুৰ, ৮ জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমৰ বাবে পৰ্যটনৰ আগমন অসমত পূৰ্বতকৈ সংখ্যা বৃদ্ধি পাইছে আৰু নিৰ্বাচন আহিলে কংগ্ৰেছে অসমলৈ মনত পেলায় । ৰাহুল গান্ধী আহিব অসমলৈ আমি স্বাগতম জনাম কাৰণ গান্ধীৰ পৰিয়ালে হওক বা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনৰ সময়ত বা অন্য ডাঙৰ ঘটনা হলে ৰাজনৈতিক পৰ্যটক হিচাবে অসমলৈ আহে। বৰ্তমান অসমত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৫০০ শতাংশ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাৰ। সোমবাৰে সন্ধিয়া তেজপুৰ ভোমোৰাগুৰিত এক ৪০০ বছৰীয়া আহোম যুগৰ শিলালিপি পুনৰ নিৰ্মাণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে ৰাহুল গান্ধীক আমিও সুধিম যে কোনটো ন্যায়ৰ কথা কৈছে ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ কংগ্ৰেছৰ নেতৃত্বত অসমৰ ৮৫৬জন লোকক গুলীয়াই গুলীয়াই হত্যা কৰা হৈছিল সেইটো ন্যায় লাগে, ভাৰতৰ অভিন্ন অংগ মিজোৰামত জাহাজেৰে বোমা পেলোৱা হৈছিল নে সেইটো ন্যায় লাগে নে বিটিএডিত কংগ্ৰেছৰ দিনত গোষ্ঠীগত সংঘৰ্ষ হৈছিল ইয়াৰ উপৰি ৰাহুল গান্ধীৰ ককা জৱাহৰলাল নেহৰুৱে চীনা আক্ৰমণৰ সময়ত অসমক এৰি দিছিল যে তাৰ ন্যায় লাগে বুলি প্ৰশ্ন উত্থাপন কৰে। তেওঁ পুনৰ কয় যে ৰাহুল গান্ধীয়ে অসমলৈ আহিবলৈ লাজ কৰিব লাগে কাৰণ ভাৰত জোড়ো যাত্ৰাৰ সামাজিক মাধ্যমত লিখি ৰাহুল গান্ধীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু গুজৰাটৰ পৰা পশ্চিমবংগলৈ লিখিছিল। পশ্চিমবংগৰ পিছত যে উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্য আছে সেই কথা তেওঁ নাজানে বুলি প্ৰশ্ন উত্থাপন কৰে। আনহাতে সাংসদ বদৰুদ্দিন আজমলৰ কথা কোনো মুছলমান ধৰ্মৰ লোকে নুশুনে আৰু তেওঁৰ কথাত গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই বুলি কয়। অহা লোকসভা নিৰ্বাচনত বিজেপিয়ে ১২খন আসন লাভ কৰিব বুলি তেওঁ আজি তেজপুৰত মন্তব্য কৰে।

প্ৰেৰক পুলক কুমাৰ ডেকা

You might also like