নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামা–প্রমোদ–নৱৰ বাকযুদ্ধত গৰম বড়োভূমিৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ পৃথক কমতাপুৰ ৰাজ্য গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষাৰ দাবীত কোকৰাঝাৰৰ ডিমলগাঁৱৰ বাখৰাত এক বিশাল গণসমাৱেশ অনুষ্ঠিত হয়৷ আক্রাছুৰ উদ্যোগত তথা কোচ ৰাজবংশী সাহিত্য সভা, কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী মহিলা সমিতি, চিলাৰায় সেনা আদিকে ধৰি আন কেইবাটাও সংগঠনৰ সহযোগত এলৰ কার্যকৰী সভাপতি প্রমোদ বড়ো আৰু কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ শৰণীয়াৰ মাজত আৰম্ভ হোৱা বাক্যুদ্ধই বড়োভূমিৰ ৰাজনীতি গৰম কৰি তুলিছে৷ বিটিচিৰ ক্ষমতা দখলক কেন্দ্র কৰি তিনিওজন নেতাৰ মাজত চলা আক্রমণ, কটাক্ষ, বোকা ছটিওৱাৰ ৰাজনীতিৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছে সকলোৰে৷ ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তর্গত গৰুৱাঝাৰত যোৱা ২১ ফেব্রুৱাৰীত অচিনাক্ত দুর্বৃত্তৰ গুলীত খাইৰুল হক নামৰ ব্যৱসায়ী তথা বি পি এফ কর্মীজন নিহত হোৱাৰ পাছতেই সেই হত্যাকাণ্ডক লৈও আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি৷ বিটিচিপ্রধান তথা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে খাইৰুল হত্যাকাণ্ডৰ সৈতে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া জড়িত বুলি স্পষ্টভাৱে অভিযোগ কৰাৰ পাছত আজি মহিলাৰীক উভতি ধৰিছে সাংসদগৰাকীয়ে৷ মৃত হকৰ বাসগৃহত উপস্থিত হৈ সাংসদ শৰণীয়াই হাগ্রামা মহিলাৰীৰ মন্তব্যত আশ্চর্য প্রকাশ কৰি কয় যে প্রকৃত দোষী যাতে সাৰি যায়, তাৰ বাবে সমগ্র বিষয়টোত ৰাজনৈতিক ৰহণ সানিবলৈ উঠিপৰি লাগিছে৷ তাৰ বাবেই তেওঁক অপযশ দিয়া হৈছে৷ বিটিচিত মুকলিকৈ কোনে অস্ত্র লৈ ঘূৰি ফুৰে, সেয়া বিটিচিবাসীয়ে ভালদৰে জানে৷ এইক্ষেত্রত হাগ্রামা মহিলাৰী ধোৱা তুলসীৰ পাত নহয়৷ বিটিচিত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনা চি বি আইৰ হতুৱাই তদন্ত কৰোৱাৰো তেওঁ দাবী জনায়৷ সংবাদ মাধ্যমৰ আগত সাংসদ শৰণীয়াই আসন্ন বিটিচি নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফক পুলিয়ে–পোখাই উভলাৰ হুংকাৰ দি কয় যে ২০১৯ চনৰ লোকসভা নির্বাচন আছিল মহাযুদ্ধ৷ ২০২০ চনৰ বিটিচি নির্বাচনো হ’ব মহাযুদ্ধ৷ এই নির্বাচন নিজৰ অধিকাৰ, মর্যাদা প্রতিষ্ঠা কৰাৰ যুদ্ধ৷ এই নির্বাচন হৈছে সোণালী আৰু শেষ সুযোগ৷ সেয়ে সকলোকে পৰিকল্পিতভাৱে এই নির্বাচনত অৱতীর্ণ হ’বলৈ কোৱা হৈছে৷ গণ সুৰক্ষা পার্টী আৰু অবড়ো সুৰক্ষা সমিতিয়ে কালি এখন বৈঠক অনুষ্ঠিত কৰি সম্পূর্ণ পৰিকল্পিতভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই নির্বাচনত তেওঁলোকে ৪০টা পৰিষদীয় সমষ্টিতে প্রার্থী থিয় কৰাব বুলি উল্লেখ কৰি সাংসদ শৰণীয়াই কয় যে ৩০টাৰো অধিক সমষ্টি দখল কৰি এইবাৰ তেওঁলোকে বিটিচি দখল কৰিব৷ এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৱে ইউ পি পি এল দলত যোগদান কৰা কার্যক আদৰণি জনাই সাংসদ শৰণীয়াই শান্তি চুক্তি স্বাক্ষৰ কৰা এন ডি এফ বিৰ নেতা–কর্মীসকলকো ৰাজনীতিত অংশগ্রহণ কৰি সমাজসেৱা কৰাৰ আহ্বান জনায়৷ ইফালে ওদালগুৰিৰ খৈৰাবাৰীত বড়ো আন্দোলনত প্রাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত নির্মাণ কৰা এখন শ্বহীদ উদ্যান বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰি প্রমোদ বড়োৰ প্রতি পুনৰ আক্রমণাত্মক হৈ পৰে৷ স্থানীয় বিধায়ক মহেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ দি মহিলাৰীয়ে কয় যে এবছুৰ পৰা অব্যাহতি লৈ ইউ পি পি এলত যোগদান কৰা প্রমোদ বড়ো নির্বাচনত পৰাজিত হ’ব৷ এবছুত থকাৰ সময়তো প্রমোদ বড়োৱে ৰাজনীতি কৰি আহিছিল৷ বিগত নির্বাচনবোৰত বি পি এফৰ বিৰুদ্ধে প্রমোদ বড়োৱে কেম্পেইন কৰি আহিছে৷ ১৫ বছৰে প্রমোদৰ লগত যুঁজি যুঁজিয়েই বি পি এফে চৰকাৰ গঠন কৰি আহিছে৷ গতিকে প্রমোদৰ লগত নির্বাচনী যুঁজত নমাটো বি পি এফৰ বাবে নতুন কথা নহয়৷ সেইদৰে ৰাজ্যসভাৰ সাংসদ তথা বি পি এফৰ কার্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীয়ে কয় যে প্রমোদ বড়োৰ ইউ পি পি এলত যোগদানে বি পি এফৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ কিয়নো প্রমোদ বড়ো অকলেহে গৈছে, এবছু যোৱা নাই৷ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া সম্পর্কতো দৈমাৰীয়ে কয় যে বি টি আৰ চুক্তি সম্পাদনৰ পাছত শৰণীয়াৰ হাতত ৰাজনৈতিক ইছ্যু নাইকিয়া হৈ পৰিল৷ এতিয়া তেওঁ হয়তো বি পি এফতো যোগদান কৰিব পাৰে৷ বডোফা উপেন্দ্রনাথ ব্রহ্মৰ এটা বৃহৎ প্রতিমূর্তি আৰু এটা ওখ শ্বহীদ স্তম্ভৰ লগতে বিনোদনৰ সমলেৰে বিটিচিৰ উন্নয়নৰ পুঁজিৰে নির্মিত শ্বহীদ উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক কমলী বসুমতাৰী, চৰণ বড়ো, বিটিচিৰ অধ্যক্ষ ত্রিদিপ দৈমাৰী, উপাধ্যক্ষ নেৰচন বড়ো, কার্যবাহী সদস্য লৌমশ্রাও দৈমাৰী, জগদীশ সৰকাৰ, বনজাৰ দৈমাৰী, শ্যাম চুণ্ডী, বিজিত গৌৰা নার্জাৰী আদিও উপস্থিত থাকে৷

You might also like