নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঁৱে–চহৰে ভোগালীক আদৰাৰ উছাহ অসমীয়াৰ

🔹 জাতিটোৰ ভোগৰ উৎসৱ মাঘ বিহুলৈ মাজত মাথোঁ এদিন

ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জানুৱাৰী : অত্যাৱশ্যকীয় সামগ্রীৰ দামবৃদ্ধিয়ে ৰাইজক কেঁকোৰা চেপা দিছে৷ শাক–পাচলিৰ পৰা আৰম্ভ কৰি মাছ, মঙহ, চাউল–দাইল পর্যন্ত সকলোতে দামবৃদ্ধিৰ যেন জোৱাৰ উঠিছে৷ কিন্তু তাৰ মাজতো হেঁপাহৰ ভোগালী বিহুটিক আদৰণি নজনোৱাকৈ অসমৰ জাতীয় জীৱনে জানো থাকিব পাৰে? সেয়ে দামবৃদ্ধিক একাষৰীয়া কৰি ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে চহা জীৱন৷ অসমৰ জাতীয় উৎসৱ ভোগালী বিহুৰ উৰুকালৈ মাজত মাথোঁ এটা দিন৷ সময়ৰ হিচাপেৰে ক’বলৈ হ’লে ৪৮ ঘণ্টাহে বাকী আছে৷ ৰাজ্যৰ গাঁৱে–ভূঞে এতিয়া মাথোঁ ব্যাপক প্রস্তুতি চলিছে ভোগালীৰ উৰুকাৰ বাবে৷ জীয়ৰী–বোৱাৰী, পাহোৱাল ডেকা সকলো ব্যস্ত হৈ পৰিছে ভোগালী বিহুৰ বাবে৷ ঢেঁকীৰ গুমগুমণিত কঁপিছে ৰাজ্যৰ গঞা ৰাইজৰ ঘৰ–চোতাল৷ ভোগালীৰ বাবে প্রয়োজনীয় মাহ–কঢ়াই, পিঠাপনা, বিভিন্ন প্রকাৰৰ লাড়ু, সান্দহগুড়ি প্রস্তুতত ব্যস্ত হৈ পৰিছে ৰাইজ৷ আখলৰ সমান্তৰালভাৱে গ্রামাঞ্চলৰ পথাৰসমূহতো এইকেইদিন পুৱাৰে পৰা সীমাহীন ব্যস্ততা৷ পূর্বৰ দৰে শুকান নৰা, খেৰ, কলচোচনি আজিকালি পর্যাপ্ত পৰিমাণে চহৰততো বাদেই, গাঁৱতেই পোৱা নাযায়৷ আধুনিকতাৰ ধামখুমীয়াত পৰি চহৰমুখী হোৱাৰ অত্যধিক প্রৱণতা তথা হিতাধিকাৰী হোৱাৰ সহজ বাসনাই এতিয়া যেন গাঁৱৰ কৃষক ৰাইজকো কৃষিকর্মৰ প্রতি বিমুখ কৰি তুলিছে৷ পূর্বৰ তুলনাত গাঁৱৰ পথাৰসমূহত খেতিৰ পৰিমাণো কমিছে৷ সেয়েহে ভেলাঘৰ–মেজিৰ বাবে প্রয়োজনীয় সামগ্রীবোৰৰো অভাৱ ঘটিছে৷ আগেয়ে অনাদৃত হৈ পৰি থকা নৰা, শুকান খেৰ আজিকালি মূল্য আদায় দিহে ক্রয় কৰিবলগীয়া হৈছে৷ সেয়েহে স্বাভাৱিকতে ভোগালীৰ মেজি, ভেলাঘৰৰ প্রস্তুতিৰ সংখ্যাও ক্রমশঃ কমি আহিবলৈ ধৰিছে৷ কিন্তু অসমীয়াৰ জাতীয় উৎসৱ ভোগালী বিহু৷ অভাৱ থাকিলেও কমকৈ হ’লেও পৰম্পৰা অক্ষুণ্ণ ৰাখিবই লাগিব৷ সেই উদ্দেশ্য আগত ৰাখিয়েই দামবৃদ্ধিৰ কেঁকোৰা চেপাক নীৰৱে সহ্য কৰি হ’লেও ৰাইজে আদৰৰ ভোগালী উদযাপন কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ দামবৃদ্ধিৰ লগতে প্রাকৃতিক বিপর্যয়েও এইবাৰ ৰাইজক কিছু আশাহত কৰি তুলিছে৷ কিয়নো ঠায়ে ঠায়ে মানৱ–বন্যপ্রাণীৰ সংঘাতে চূড়ান্ত পর্যায় পাইছে৷ বন্যহস্তীয়ে বিভিন্ন খেতিপথাৰ তহিলং কৰি পেলাইছে৷ তাৰ মাজতে ধানৰ চিৰশত্রু শূঁৰ পোকৰ উপদ্রৱৰ বাবেও বহু ঠাইত খেতি বিনষ্ট হৈছে৷ বছৰজুৰি কষ্ট স্বীকাৰ কৰি ৰোপণ কৰা খেতিডৰা চকুৰ সন্মুখতে ধ্বংস হৈ যোৱাৰ বাবে বহু কৃষক ৰাইজ হতাশ হ’বলগীয়া হৈছে৷ সেইবাবেই এইবাৰ কিছু হ’লেও ভোগালীৰ ভোগ উদযাপনত এক হতাশাৰ চাৱনি পৰা দেখা গৈছে৷ অৱশ্যে সমস্যাৰ সৃষ্টি হ’লেও ৰাইজে ভোগালীৰ ভোগক কম পৰিমাণে হ’লেও উদযাপনৰ বাবে সাজু হৈছে৷ দামবৃদ্ধিৰ ধামখুমীয়াৰ মাজতো হেঁপাহৰ বিহুটিক লৈ ৰাইজৰ উছাহৰ যেন অন্ত নাই৷ গুৱাহাটী মহানগৰীতো হেঁপাহৰ ভোগালী বিহুটিক আদৰাৰ বাবে ৰাইজ সাজু হৈ উঠিছে৷ ভোগালীৰ বতৰত সকলো ব্যৱসায়ীৰ বাবে দুপইচা অর্জনৰ অন্যতম থলী গুৱাহাটী মহানগৰী৷ সেইবাবেই উৎকৃষ্টমানৰ দৈ, চিৰা, পিঠাপনাৰ লগতে বিধে বিধে মাছেৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ৷ পৰম্পৰা ৰক্ষাৰ নামত হ’লেও গাঁৱৰ জীয়ৰী–বোৱাৰীয়ে ঘৰতেই পিঠাপনা অলপকৈ হ’লেও প্রস্তুত কৰিছে৷ যদিও আধুনিকতাই গ্রাস কৰা গুৱাহাটী মহানগৰীৰ অধিকাংশ ৰাইজৰ বাবে ঘৰত পিঠাপনা, লাড়ু প্রস্তুত কৰাটো এটা যেন দুৰূহ কামত পৰিণত হৈ পৰিছে৷ ৰাইজৰ এই এলাহৰ সুযোগ সম্পূর্ণৰূপে গ্রহণ কৰিছে ব্যৱসায়ীসকলে৷ মহানগৰীৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে কেইবাখনো ভোগালী মেলা৷ বিভিন্ন প্রকাৰৰ বৰা চাউলৰ পিঠা, চুঙাপিঠা, ৰামদিয়াৰ দৈ, ক্রীম, টিপামৰ চিৰা, দেৰগাঁৱৰ গুড়, জহা চাউল, বৰা চাউল আদিৰ লগতে মাহকঢ়াই পর্যন্ত এই ভোগালী মেলাবোৰত উপলব্ধ হৈ পৰা পৰিলক্ষিত হ’ল৷ মুঠতে ক’বলৈ হ’লে ভোগালীৰ উৰুকাৰ বাবে প্রয়োজনীয় সৰু–বৰ সামগ্রীৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সামগ্রী ৰাইজে বিচাৰিলেই থাউকতে পাব পৰা ব্যৱস্থা ভোগালী মেলাসমূহে কৰিছে৷ অকল সেয়াই নহয়, যান্ত্রিকতাই আৱৰি ৰখা মহানগৰবাসীক মেজিৰ অনুভৱ লোৱাৰো সুবিধা একাংশ ব্যৱসায়ীয়ে কৰিছে৷ মহানগৰীৰ বিভিন্ন প্রান্তৰ ৰাজপথত বিক্রীৰ বাবে শাৰী শাৰীকৈ সজাই থোৱা দেখা গ’ল বিভিন্ন আকাৰৰ মেজি৷ ন্যূনতম ২০০ টকাৰ পৰা আৰম্ভ কৰি হেজাৰ টকালৈকে এই মেজিসমূহ একাংশ ব্যৱসায়ীয়ে বিক্রী কৰি থকা পৰিলক্ষিত হ’ল৷ নাম প্রকাশত অনিচ্ছুক একাংশ ব্যৱসায়ীৰ মতে, কিছু বছৰৰ পৰা ৰেডিমেট মেজিৰ ব্যৱসায়ৰ প্রতি ৰাইজে সঁহাৰি দিছে৷ সেইবাবেই এইবাৰো এই ব্যৱস্থা তেওঁলোকে লৈছে৷ মেজি বিক্রী কৰি ভাল উপার্জনো বহু লোকে কৰিছে৷ যাৰ ফলত ভোগালীৰ ভোগক মনে বিচৰা ধৰণে তেওঁলোকে উপভোগ কৰিব পাৰিব৷ ভোগালীক লৈ ৰাইজৰ পাৰভগা উছাহৰ মাজতে এয়াও একাংশ লোকৰ বাবে নিশ্চয়কৈ ইতিবাচক কথা৷

You might also like