বিশেষ বাৰ্তা, ১২ জানুৱাৰী : “অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰিব প্রাক্তন উপ–প্রধানমন্ত্রী লালকৃষ্ণ আদৱানিয়ে৷ এই দাবী কৰিছে বিশ্ব হিন্দু পৰিষদ (ভিএইচপি)ৰ আন্তর্জাতিক কার্যকৰী সভাপতি আলোক কুমাৰে৷ পৰহি আৰএছএছৰ নেতা কৃষ্ণগোপালৰ সৈতে আগন্তুক ২২ জানুৱাৰীত অযোধ্যাৰ ‘ৰাম জন্মভূমি’ত মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্রণ জনোৱাৰ বাবে আদৱানিৰ বাসভৱনত উপস্থিত হৈছিল আলোক কুমাৰ৷ ইয়াৰ পিছতে আলোক কুমাৰে সংবাদ মাধ্যমক জনায় যে ২২ জানুৱাৰীত অযোধ্যাত মন্দিৰৰ উদ্বোধন আৰু ৰামলালাৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিব আদৱানি৷ তিনি দশক পূর্বে ৰাম মন্দিৰ আন্দোলনত সংঘ পৰিয়ালৰ ‘প্রধান মুখ’ আছিল আদৱানি৷ আদৱানিৰ ৰামৰথ যাত্রাৰ ওপৰত নির্ভৰ কৰিয়েই হিন্দী বলয়ত চমকপ্রদ উত্থান হৈছিল বিজেপিৰ৷