🔹 নলবাৰী জিলা আয়ুক্তক যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক-পত্ৰ প্ৰদান
বিশেষ বাৰ্তা, ১২ জানুৱাৰী : সম্প্ৰতি ভোগালী বিহুৰ বজাৰত এচাম অসাধু ব্যৱসায়ীয়ে ভেজাল খাদ্য-সামগ্ৰী বিক্ৰী কৰি অহাটোৱে নলবাৰীৰ সচেতন মহলক চিন্তিত কৰি তুলিছে। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে নিষেধাজ্ঞা জাৰি কৰাৰ বাবে নলবাৰী জিলা আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। ভোগালী বিহু বুলি বজাৰত দৈ, ক্ৰীম, ৰঙীন মিঠাই, গুড়, জুলীয়া মিঠাই আদিৰ ব্যাপক চাহিদা বঢ়াৰ সুযোগ লৈ এটা দুষ্ট চক্ৰই বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰ ঘটাই ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে নলবাৰী জিলা আয়ুক্তক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে। তদুপৰি মাছ, মাংস, কণী, নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি পাচলি বজাৰত নিয়ন্ত্ৰণহীন দামবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰা বিষয়টোত জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সংগঠনটোৱে লগতে দাবী জনায়। যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি ডেকা আৰু প্ৰচাৰ সম্পাদক চাহিল মল্লিকৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে উৰুকা উপলক্ষে নলবাৰী চহৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহত অবিজ্ঞানসন্মত মাছ-মাংসৰ দোকানৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
প্ৰেৰক অৰূপ বৰ্মন