নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবৰী শংকৰদেৱ শিশু নিকেতনত প্ৰাক ভোগালী পৰ্ব উদযাপন

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰী : ভোগালী বিহুক লৈ চৌপাশে উখল-মাখল পৰিৱেশ। কাইলৈ ভোগালীৰ উৰুকা। বিহু বুলি বন্ধ থাকিব শিক্ষানুষ্ঠানবোৰো | তাৰ পূৰ্বেই কণ কণ ছাত্ৰ-ছাত্ৰীসকলক ভোগালীৰ তাৎপৰ্য আৰু ভোগৰ বিভিন্ন সামগ্ৰীৰ স’তে পৰিচয় কৰোৱাৰ উদ্দেশ্যে এখন শিক্ষানুষ্ঠানে আয়োজন কৰে বিশেষ কাৰ্যসূচী | নগৰবেৰা অঞ্চলৰ শিমলীতোলা বৰবৰী শংকৰদেৱ শিশু নিকেতনত নানা ধৰণৰ ভোগালীৰ জলপান আৰু পৰম্পৰাগত বিহুৰ সামগ্ৰীৰ স’তে পৰিচয় কৰোৱা হয় ছাত্ৰ-ছাত্ৰীসকলক |

তদুপৰি মেজিৰ চাৰিওফালে শিক্ষানুষ্ঠানৰ সমূহ আচাৰ্যা, অভিভাৱক আৰু শিক্ষাৰ্থীয়ে বিহু নাচি পৰিৱেশটো উছৱমুখৰ কৰি তোলে | মাইক্ৰ’ফোনত গোৱা বিহুগীতৰ তালে তালে সকলোৱে নাচি-বাগি আপোন পাহৰা হয় হেঁপাহৰ বিহু বুলি | মুঠতে প্ৰাক ভোগালীক কেন্দ্ৰ কৰি বৰবড়ী শংকৰদেৱ শিশু নিকেতনত শনিবাৰৰ পুৱাৰে পৰা বিৰাজ কৰে উখল-মাখল পৰিৱেশ | মনৰ উলাহত শিক্ষক-শিক্ষাৰ্থী, অভিভাৱক সকলোৱে আজি নাচি-বাগি উদযাপন কৰে প্ৰাক ভোগালী পৰ্ব |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস 

You might also like