নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ সৱৰমতী আশ্ৰমৰ পৰা পোনে পোনে ম’টেৰা ষ্টেডিয়ামলৈ আহে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প । ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ট্ৰাম্পে আহমেদাবাদৰ ম’টেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ‘নমস্তে ট্রাম্প’ অনুষ্ঠানত উপস্থিত হয় । ১ লক্ষাধিক লোক সমবেত হোৱা ম’টেৰা ষ্টেডিয়ামত প্ৰথমে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদৰণি বক্তব্য ৰাখে ৷
ভাৰত মাতা কি জয় ধ্বনিৰে ভাষণ আৰম্ভ কৰাৰ পাচতেই প্ৰধানমন্ত্ৰীয়ে মোডীয়ে জয়ধ্বনি দিয়ে যে ভাৰত-আমেৰিকাৰ বন্ধুত্ব দীৰ্ঘম্যাদী হওক । আমেৰিকা আৰু ভাৰতৰ বন্ধুত্ব সম্পৰ্কতো উল্লেখ কৰে মোডীয়ে । ৰাষ্ট্ৰপতি ট্ৰাম্পৰ লগতে তেওঁৰ পত্নী আৰু জী-জোঁৱাইক নমস্তেৰ জৰিয়তে আদৰণি জনোৱাৰ লগতে ফাৰ্ষ্টলেডী মেলেনিয়া ট্ৰাম্পে লাইমলাইটত নহাকৈ কৰি থকা কামকো ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।