নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত বায়ুসেনা বাহিনীৰ ছাউনীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : ১২ জানুৱাৰীৰ নিশা প্ৰায় ১০ বজাত তেজপুৰ শালনীবাৰীৰ বায়ুসেনা বাহিনীৰ বিমান বন্দৰৰ চৌহদত এডাল প্ৰকাণ্ড অজগৰ প্ৰত্যক্ষ কৰে বিমান সুৰক্ষা বাহিনীৰ কৰ্মকৰ্তাসকলে। ইয়াৰ পিছতে সুৰক্ষা বাহিনীয়ে অসম আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোনযোগে খবৰ দিয়ে। খবৰৰ ভিত্তিত অসম আৰক্ষী নিয়ন্ত্ৰণ কক্ষই দেশৰ অগ্ৰণী প্ৰকৃতিকৰ্মী সৌৰভ বৰকটকীক অৱগত কৰে। ইতিমধ্যে আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ উপৰি বায়ুসেনাৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই সাপডাল সন্দৰ্ভত বৰকটকীৰ লগত যোগাযোগ কৰে।  উল্লেখ্য যে সাপডাল ৰানৱেৰ ফালে আগবঢ়াৰ সম্ভাৱনাৰ বাবেই সৌৰভ বৰকটকীৰ দৰে দেশৰ এগৰাকী অভিজ্ঞ সৰ্প বিশেষজ্ঞৰ লগত যোগাযোগ কৰিছিল বায়ুসেনাৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই। বৰকটকীয়েও বায়ুসেনা বাহিনীক নিৰাশ নকৰি ভোগালীৰ আগমূহূৰ্তত ১০ ফুট দৈৰ্ঘ্যৰ এই দীঘল অজগৰডাল উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছতেই নিশা প্ৰায় ১ মান বজাত সাপডাল বৰকটকীয়ে বন বিভাগক চমজাই দিয়ে। বৰকটকীৰ এই কামৰ বাবে বায়ুসেনা বাহিনীয়ে তেওঁক উষ্ম আদৰণি জনাই কৃতজ্ঞতা প্ৰকাশ কৰে। খুব কম সময়ৰ ভিতৰতে যুদ্ধকালীন প্ৰস্তুতিৰে উদ্ধাৰ অভিযান চলাই সাপডাল উদ্ধাৰ কৰা বৰকটকীয়ে সংবাদ মাধ্যমক জনোৱা মতে কুঁৱলী আৰু প্ৰচণ্ড শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ বাবেই সাপটোৱে নিজৰ সুৰক্ষাৰ বাবেই এনেদৰে ওলাই আহি শুকান ঘাঁহনিত আশ্ৰয় লৈছিলহি।
প্ৰেৰক হিমাংশু শইকীয়া
You might also like