নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম যুৱ সাংবাদিক মঞ্চৰ পূৰ্ণাংগ সমিতি গঠন : য়ুথ কনক্লেভ আয়োজনৰ সিদ্ধান্ত

বিশেষ বাৰ্তা, ১৬ জানুৱাৰী :  দিছপুৰ প্ৰেছ ক্লাবত শনিবাৰে অনুষ্ঠিত হোৱা যুৱ সাংবাদিক মঞ্চ, অসমৰ কাৰ্যনিৰ্বাহক বৈঠকত এখন য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ৰাজনৈতিক, সামাজিক, বাণিজ্যিক আদি ক্ষেত্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু সাঙুৰি লৈ অনুষ্ঠিত হ’ব এই কনক্লেভ । সভাত মঞ্চই ভৱিষ্যতে সংবাদ জগতৰ বাবে কৰিবলগীয়া কামসমূহৰ বিষয়তো আলোচনা কৰে ।ইফালে, উক্ত কাৰ্যনিৰ্বাহক বৈঠকতে যুৱ সাংবাদিক মঞ্চৰ পূৰ্ণাংগ সমিতি গঠন কৰা হয় । নতুন সমিতি অনুসৰি সভাপতি নীতিশ শৰ্মা, উপ-সভাপতি মঞ্জুশ্ৰী কলিতা, কাৰ্যকৰী সভাপতি পংকজ মেধি, সম্পাদক দিব্যজ্যোতি দাস, যুটীয়া সম্পাদক হিৰুল হক, হিমাক্ষী বৰুৱা, সাংগঠনিক সম্পাদক শ্বাহ আলম, বিত্ত সম্পাদক ৰঞ্জিতা দেৱী, প্ৰচাৰ সম্পাদক বসন্ত দাস, সাহিত্য সম্পাদক দৃষ্টিৰূপা বৰদলৈ ৷ সভাত সদস্য ক্ৰমে তথাগত ভট্টাচাৰ্য, অৰ্ণৱ দাস আদি উপস্থিত থাকে । জ্যেষ্ঠ সাংবাদিক হিমাংশু অনুপমে মঞ্চৰ সদস্যসকলক কেতবোৰ পৰামৰ্শ প্ৰদান কৰে ৷ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নৱনিযুক্ত সভাপতি নীতিশ শৰ্মাই কয় যে সংবাদ জগতৰ হৈ আগন্তুক সময়ছোৱাত মঞ্চই কাম কৰি যোৱাৰ লগতে গুৰুত্বপূৰ্ণ সামাজিক দিশবোৰতো চকু দিব । তদুপৰি শীঘ্ৰেই এখন য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে মঞ্চৰ সদস্যসকলে প্ৰস্তুতি চলাই আছে আৰু অতি সোনকালে তাৰিখ ঘোষণা কৰা হ’ব ৷ উল্লেখ্য যে ২০১৬ চনত কেইগৰাকীমান উদীয়মান সাংবাদিকৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল যুৱ সাংবাদিক মঞ্চ, অসম । তাৰ পিছত ধাৰাবাহিকভাৱে কেইবাটাও বছৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছত ২০২০ চনৰ ক’ভিড কালৰ পৰা কোনোধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হোৱা নাছিল । এতিয়া নতুন সমিতিয়ে দায়িত্ব গ্ৰহণ কৰিয়েই কেইবাটাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে ।

You might also like