নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ ঢকুৱাখনা উপ জিলাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত চেনিমাৰী গাঁৱৰ গাঁওবাসীয়ে কৃষিজীৱী অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ প্ৰথম দিনাই সকলোৱে মিলিজুলি এসাঁজ খাই সম্প্ৰীতিৰ চানেকি দাঙি ধৰে ৷ চেনিমাৰী গাঁৱৰ গাঁও উন্নয়ন সমিতি, লক্ষীজ্যোতি যুৱ সংঘ, গাঁওৰক্ষী বাহিনী আৰু মহিলা সমিতিৰ উদ্যোগত সমুহ গাঁও বাসীয়ে চেনিমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত উপস্থিত হৈ হাতে কামে লাগি ৰান্ধি বাঢ়ি ভোগালীৰ এসাঁঁজ খায় সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা কাৰ্যই ব্যাপক চৰ্চাও লাভ কৰিছে ৷ গাঁওখনৰ ১৫৩ টা পৰিয়ালৰ বামুনীয়া, শংকৰ সংঘ, কৃষ্ণগুৰু আদি সকলো ধৰ্মাৱলম্বী লোকসকলে একলগ হৈ একেখন পথাৰতে একে লগে এসাঁজ খাই ভাতৃস্নেহৰ একতাৰ এনাজৰীয়ে ডাল আৰু অধিক সুদৃঢ় কৰি তোলে ৷ আনহাতে আজিৰ এই ভোগালীৰ এসাঁজত গাঁওখনৰ এজন লোকৰ আকস্মিক বিয়োগ ঘটাত পৰিয়ালটোৰ লোকসকলে অংশগ্ৰহণ কৰিব নোৱাৰাত সমূহ গাঁওবাসীয়ে দুখ প্ৰকাশ কৰাৰ লগতে ম্তকৰ আত্মাৰ সদগতিৰ কামনা কৰি শোক সন্তপ্ত পৰিয়াললৈকো গভীৰ সমবেদনা জ্ঞাপন কৰি সম্প্ৰীতিৰ এনাজৰীও সুদৃঢ় কৰে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি