নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ১১,১০৭টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ

🔹 মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নেতৃত্বত ৰাজ্যই উন্নয়নৰ নতুন মাত্ৰা লাভ কৰিছে : মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা,  ১৮ জানুৱাৰী : ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি ঢকুৱাখনাতো নতুন ৰেচন কার্ড বিতৰণী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টি সামৰি আয়োজিত এই নতুন ৰেচন কার্ড বিতৰণী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই ১১,১০৭খন নতুন ৰেচন কার্ড বিতৰণ কৰে। ইয়াৰ জৰিয়তে সমষ্টিটোৰ ৪৭ হাজাৰ ২১৫জন হিতাধিকাৰী উপকৃত হ’ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰসংগত মন্ত্রী অতুল বৰাই কয়- “বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আৰম্ভণিৰ পৰা অসমৰ জনসাধাৰণৰ সামগ্রিক উন্নয়নত গুৰুত্ব প্ৰদান কৰি আহিছে। যোৱা ৩০টা মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ নতুন মাত্ৰা লাভ কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অৱস্থাৰ উন্নয়ন সাধন হৈছে। অসম চৰকাৰে দুখীয়া জনসাধাৰণৰ বাবে বিশেষ আঁচনি ৰূপায়ণ কৰি আহিছে। বৰ্তমান চৰকাৰখনে প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনত বহু নীতি-নিয়ম শিথিল কৰাত সমাজৰ দৰিদ্ৰ লোকে সুফল পাবলৈ সক্ষম হৈছে। কাৰ্ড বিতৰণ কৰি তেওঁ কয় যে বিনামূলীয়া অন্ন, বিনামূলীয়া স্বাস্থ্য সেৱা, ৰন্ধন গেছ, বিনামূলীয়া শিক্ষা চৰকাৰে ৰাইজক দিছে । ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালসমূহে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বছৰি পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। তদুপৰি, উজ্জ্বলা গেছৰ সংযোগৰ লগতে আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰকৈ টকা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ কথাও মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভৰ পূৰ্বে সভাখনত আদৰণী ভাষণ দিয়ে কাৰ্তিক কলিতাই। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শাসনকালত পিছপৰা সমষ্টিটোৰ বিভিন্ন ক্ষেত্ৰৰ চমকপ্ৰদ উন্নয়নৰ কথা উল্লেখ কৰে। এই প্ৰসংগত তেওঁ ঢকুৱাখনাৰ পৰা মাজুলীলৈ, জোনাইৰ পৰা ঢকুৱাখনা হৈ মাজুলীলৈ পথ-মথাউৰি আৰু ধেমাজিৰ পৰা ঢকুৱাখনালৈ অসম মালা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। আজিৰ এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ জিলাৰ আয়ুক্ত গায়ত্ৰী দেৱীদাস হ্যালিংগে,  লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, হাৰ্হি জিলা পৰিষদৰ সদস্য টিটুমণি গোহাঁই চেতিয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like